
চিৰাং, ১২ অক্টোবৰ (হি.স.)। চিৰাং জিলাৰ বিজনীত আজিৰে পৰা আৰম্ভ হৈছে যুৱ মহোৎসৱ ২০২৬।বিজনী জিলা বিপিএফৰ উদ্যোগত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই যুৱ মহোৎসৱ।আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি, বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে মূল দ্বাৰ মুকলি কৰি মহোৎসৱৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছতে বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাখলাৰীয়ে বিপিএফ দলৰ পতাকা উত্তোলন কৰে। আনহাতে, যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে।ইয়াৰ পিছতে বিজনীৰ প্ৰাক্তন বিধায়ক কমল কুমাৰ ব্ৰহ্মই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত পাৰ চৰাই আৰু বেলুন উৰুৱাই শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰা হয়।ইয়াৰ পিছতে থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানে মহোৎসৱৰ মূল মঞ্চ মুকলি কৰে।উল্লেখ্য যে, যুৱ মহোৎসৱ ২০২৬-ৰ জৰিয়তে যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৈছিল বিপিএফ চৰকাৰ আহিলে বিটিচিৰ প্ৰত্যেক জিলাতেই যুৱ মহোৎসৱৰ আয়োজন কৰিব। আজি বিটিচি চৰকাৰৰ এবছৰ পূৰ্ণ হোৱাত বিজনীত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে যুৱ মহোৎসৱ- ২০২৬।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ