
ধুবুৰী, ১২ অক্টোবৰ (হি.স.)। বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।অভিযানত ৮ জনকৈ ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰীৰ লগতে ৭ জনকৈ ওৰেন্ট আচামীক গ্ৰেপ্তাৰ।সৰবৰাহকাৰী কেইজনৰ পৰা প্ৰায় ৮ কেজি নিষিদ্ধ গাঞ্জা আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
বিলাসীপাৰা চহৰকে ধৰি নায়েৰ আলগা, নয়াহাট, লক্ষীগঞ্জ আৰক্ষী বিভিন্ন প্ৰান্তৰ পৰা ৯ জনকৈ ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে।আটকাধীন ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে - ৰাশিদুল ৰহমান, আব্দুল খালেক, আশ্ৰাফুল আলম, ছফিকুল ইছলাম,মিনাৰুল মণ্ডল,ছেকেন্দাৰ আলী, ছমেৰ আলী, আৰু বিনয় মণ্ডল বুলি জানিব পৰা গৈছে।বিলাসীপাৰা ,নায়েৰ আলগা,নয়াহাট আৰু লক্ষীগঞ্জ আৰক্ষী অভিযানত গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী কেইজনক।নিচাযুক্ত ভাৰত গঢ়াৰ উদ্দেশ্যে এই অভিযান অসম আৰক্ষীৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ