
নগাঁও, ১২অক্টোবৰ (হি.স.)। নগাঁওত ধিং আৰক্ষীৰ বৃহৎ ড্ৰাগছবিৰোধী অভিযান। ধিঙৰ বিভিন্ন অঞ্চলত নিশা ধিং আৰক্ষীয়ে চলোৱা ড্ৰাগছবিৰোধী অভিযানত ৮ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
ধিং আৰক্ষীৰ জালত পৰা লোক কেইজন ক্ৰমে—ধিঙৰ লালিপথাৰৰ ছফিকুল ইছলাম, ইবাদুল ইছলাম, মৈৰাদজৰ ৰাজিবুল ইছলাম, জহিৰুল ইছলাম, নিজ ধিঙৰ নজৰ ফকিৰ, ঢাকাইবস্তিৰ জাকিৰ হুছেইন, বাদিৰুজ জামান আৰু উধানতলাৰ ইনামুল হক। বৰ্তমান আটাই কেইজনকে ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
এই লোক কেইজনে বিগত বহুদিন ধৰি ধিঙৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু