
–এখন নিচামুক্ত বিকশিত ভাৰত নিৰ্মাণৰ সঙ্কল্পগ্ৰহণ
নগাঁও, ১০ অক্টোবৰ (হি.স.)। মেৰা যুৱ ভাৰত কেন্দ্ৰ নগাঁৱৰ উদ্যোগত মণিপুৰটুপ উচ্চ ইংৰাজী বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে নিচা মুক্ত যুৱ বিকশিত ভাৰত শীৰ্ষক প্ৰতিৱেশী যুৱ সাংসদ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় । ছাত্ৰ-ছাত্ৰী সকলে ৰাতিপুৱা ১০ বজাত এখন নিচামুক্ত বিকশিত ভাৰত নিৰ্মাণৰ বাবে এক বিশাল সজাগতা শোভাযাত্ৰাৰে অঞ্চলটোত পৰিভ্ৰমণ কৰে।
ইয়াৰ পিছতে অনুষ্ঠিত আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে নিচা মুক্ত যুৱ বিকশিত ভাৰত বিষয়ত ভাষণ আগবঢ়ায় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা প্ৰদীপ কুমাৰ ডেকাই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী জনকল্যাণ মূলক আচঁনি সমূহৰ ওপৰত পঞ্চায়তৰ সভাপতি মহম্মদ মহিবুৰ ৰহমানে বিস্তৃতভাৱে ব্যাখ্যা কৰে। জিলা খনৰ যুৱ নেতা ছামেদ আলিয়ে পলিথিন বৰ্জন আৰু পৰিৱেশ সংৰক্ষণ বিষয়ত বক্তব্য আগবঢ়ায় । শিক্ষক বিজয় নাথে স্বচ্ছতা অভিযান বিষয়ত ভাষণ আগবঢ়ায় । বিজ্ঞান শিক্ষক ৰাম নাথ ভূঞা ই মহিলাৰ শিক্ষা আৰু নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ আগবঢ়ায় । স্বাস্থ্য সজাগতা বিষয়ত বক্তব্য আগবঢ়ায় মণিপুৰটুপ উপ স্বাস্থ্য কেন্দ্ৰৰ মালা ডেকাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হোছেইন ৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা আলোচনা চক্ৰত দুই শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ।
সদৌ অসম কৃষক সংঘৰ সভাপতি তুলসী ডেকাই উপস্থিত সকলোকে সংবিধানৰ প্ৰস্তাৱনা আৰু এখন নিচামুক্ত বিকশিত ভাৰত নিৰ্মাণৰ সঙ্কল্পৰ শপত গ্ৰহণ কৰোৱায় আৰু এখন নিচামুক্ত বিকশিত ভাৰত নিৰ্মাণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী