
গুৱাহাটী, ১০ অক্টোবৰ (হি.স.)। ৰে’লেৰে ঘৰলৈ উভতি অহাৰ পথত অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু হোৱা অসমৰ যুৱতী হিমাশ্ৰী বড়োৰ বাসগৃহত আজি উপস্থিত হয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। মহিলা কংগ্ৰেছৰ এটি প্ৰতিনিধি দল লগত লৈ তেওঁ দুৰ্ভগীয়া যুৱতীগৰাকীৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰে আৰু সমবেদনা জ্ঞাপন কৰে। হিমাশ্ৰী বড়োৰ এই কৰুণ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰি মীৰা বৰঠাকুৰে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটনৰ দাবী জনাই তেওঁ উল্লেখ কৰে যে এনে ঘটনাৰ পাছত কেৱল শোক প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিলে নহ’ব, বৰঞ্চ ঘটনাৰ কাৰণ বিচাৰি দোষীক চিনাক্ত কৰা আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰাটোও সমানেই জৰুৰী। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়— যিখন ঘৰলৈ হিমাশ্ৰী হাঁহি-আনন্দেৰে উভতি অহাৰ কথা আছিল, সেইখন ঘৰলৈ অৱশেষত তেওঁৰ নিথৰ দেহ উভতি অহাটো অতিশয় হৃদয়বিদাৰক। পৰিয়ালৰ বুকুভঙা কান্দোন আৰু আপোনজনক হেৰুওৱাৰ বেদনা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সাধাৰণ নাগৰিকৰ জীৱনৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়— কিয় আজি জীৱন ইমান সুলভ হৈ পৰিছে? কিয় ইমান সহজে হেৰাই যায় একোটা অমূল্য জীৱন? প্ৰতিটো মৃত্যুৰ পিছত কেৱল শোক প্ৰকাশ কৰিলেই জানো আমাৰ দায়িত্ব শেষ হয়? নে এনে ঘটনাৰ কাৰণ বিচাৰি উলিওৱা, দায়িত্ব নিৰ্ধাৰণ কৰা আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰাৰ ব্যৱস্থা কৰাটোও সমানেই জৰুৰী? তেওঁ কঠোৰভাৱে দাবী উত্থাপন কৰে যে হিমাশ্ৰী বড়োৰ মৃত্যুৰ প্ৰকৃত কাৰণ তৎকালীনভাৱে পোহৰলৈ আহিব লাগে। যদি এই ঘটনাত কোনো পক্ষৰ গাফিলতি বা দায়িত্বহীনতা জড়িত আছে, তেন্তে এক নিৰপেক্ষ তদন্তৰ জৰিয়তে চিনাক্ত কৰি দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
এটা জীৱনৰ মূল্য কেৱল এটা পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ সমাজৰ বাবে অপূৰণীয় বুলি উল্লেখ কৰি তেওঁ কয় যে হিমাশ্ৰীৰ এই অকাল মৃত্যুৱে সমাজক জীৱনৰ মূল্য বুজিবলৈ পুনৰ প্ৰশ্ন কৰিবলৈ বাধ্য কৰিছে। নেত্ৰীগৰাকীয়ে প্ৰয়াত হিমাশ্ৰী বড়োৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় আৰু যুৱতীগৰাকীৰ ন্যায়ৰ সপক্ষে ছ’চিয়েল মিডিয়াত জনমত গঢ়ি তোলাৰো আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী