জাগীৰোডত মহালয়াৰ পুৱা ৰাজপথত সহস্ৰাধিক জনতা
মৰিগাঁও, ১০ অক্টোবৰ (হি.স.)। আজি পবিত্ৰ মহালয়া । আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথি । মহালয়াৰ এই শাৰদীয় দিনটোতে মৰ্তলৈ আগমন ঘটে দশভূজা দুৰ্গা দেৱীৰ । স্বৰ্গৰ দেৱতা সকলে সমাজ বিনাশকাৰী মহীষাসুৰক বধ কৰিবলৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাক সৰ্বশক্তি প্ৰদান কৰ
জাগীৰোডত মহালয়াৰ পুৱা ৰাজপথত সহস্ৰাধিক জনতা


জাগীৰোডত মহালয়াৰ পুৱা ৰাজপথত সহস্ৰাধিক জনতা


মৰিগাঁও, ১০ অক্টোবৰ (হি.স.)। আজি পবিত্ৰ মহালয়া । আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথি । মহালয়াৰ এই শাৰদীয় দিনটোতে মৰ্তলৈ আগমন ঘটে দশভূজা দুৰ্গা দেৱীৰ । স্বৰ্গৰ দেৱতা সকলে সমাজ বিনাশকাৰী মহীষাসুৰক বধ কৰিবলৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাক সৰ্বশক্তি প্ৰদান কৰি আজিৰ এই দিনটোতে প্ৰেৰণ কৰে ধৰালৈ ।

আৰু এই জনবিশ্বাসক সাৰোগত কৰি দুৰ্গাপূজাৰ প্ৰাকক্ষণত এই মহালয়াৰ শাৰদীয় পুৱাতে মা দুৰ্গাৰ আশীষ ল'বলৈ ৰাজপথ কিম্বা মুকলি আকাশৰ তললৈ ওলাই আহে জাকে জাকে লোক । ৰাজ্যৰ আন প্ৰান্তৰ দৰে জাগীৰোডতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । পুৱাই দেৱীদুৰ্গাৰ শ শ ভক্ত তথা ডেকা-গাভৰু , বৃদ্ধ-বৃদ্ধা , শিশু-মহিলা সকলোৱে আশীষ ল'বলৈ এইদৰে ভিৰ কৰিলেহি জাগীৰোডৰ ৰাজপথ । এই দৃশ্য জাগীৰোডৰ কিশোৰ ক্লাব আৰু জন কল্যাণ সংঘৰ মহালয়া উপলক্ষে আয়োজন কৰিছে মহিষাসুৰ মৰ্দিনী শীৰ্ষক এক বিশেষ অনুষ্ঠান। য'ত আমন্ত্ৰিত শিল্পী সকলে দেৱী দুৰ্গাই মহিষাসুৰ মৰ্দনৰ কাহিনী পৰিৱেশন কৰে ।উল্লেখযোগ্য যে এই মহালয়াৰ পাছতে শুক্লাষষ্ঠীত আৰম্ভ হ'ব দুৰ্গাপূজা ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande