হোজাইত মহালয়া উপলক্ষে মহিষাসুৰমৰ্দিনী নৃত্য-নাটিকা প্ৰদৰ্শন
হোজাই, ১০ অক্টোবৰ (হি.স.)। আজি পৱিত্ৰ মহালয়া ধৰাৰ বুকুলৈ আগমন ঘটিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ। সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো আজি পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাতো অতি আধ্যাত্মিক পৰিৱেশ আৰু উলহ-মালহেৰ
হোজাইত মহালয়া উপলক্ষে মহিষাসুৰমৰ্দিনী নৃত্য-নাটিকা প্ৰদৰ্শন


হোজাই, ১০ অক্টোবৰ (হি.স.)।

আজি পৱিত্ৰ মহালয়া ধৰাৰ বুকুলৈ আগমন ঘটিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ। সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো আজি পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাতো অতি আধ্যাত্মিক পৰিৱেশ আৰু উলহ-মালহেৰে মহালয়া উদযাপন কৰা হয়।

মহালয়াৰ এই পৱিত্ৰ ক্ষণটো উলহ-মালহেৰে উদযাপন কৰাৰ উদ্দেশ্যে লংকাৰ শ্বিলং ৰোড বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কমিটিৰ উদ্যোগত আজি পুৱাৰ ভাগত মা দুৰ্গাৰ ধৰাত আগমনক কেন্দ্ৰ কৰি মহিষাসুৰমৰ্দিনী নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়।

স্থানীয় শিল্পী সকলৰ সুন্দৰ অভিনয় মাধ্যমেৰে প্ৰদৰ্শিত এই নাটিকা খন উপভোগ কৰিবলৈ লংকা শ্বিলং ৰোড বাৰোৱাৰী পূজা মণ্ডপ প্ৰাংগণত অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ সমাগম ঘটে।

উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু ভক্তিভাৱ জাগ্ৰত কৰাৰ লগতে শাৰদীয় উৎসৱৰ এক শুভ আৰম্ভণি কৰাৰ লক্ষ্যৰেই এইবাৰ এই বিশেষ নৃত্য-নাটিকাৰ আয়োজন কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande