
গুৱাহাটী, ১০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় একতা দিৱস, ২০২৬ উপলক্ষে অসম আৰক্ষীৰ উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী সহযোগত অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ যাত্ৰা কৰিবলগীয়া 'ৰাষ্ট্ৰীয় মটৰ চাইকেল ৰেলী'ৰ আজি 'ফ্লেগ-অফ' কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে।
চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত আয়োজিত এই অনুষ্ঠানত 'ফ্লেগ অফ' কৰি দিয়া ভাষণত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে ৰেলীত অংশগ্ৰহণকাৰীসকল ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ প্ৰতীক। এই ৰেলীৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা অধিক শক্তিশালী কৰিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় একতা, ভাতৃত্ববোধ আৰু দেশপ্ৰেমৰ বাৰ্তা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাও এই ৰেলীৰ অন্যতম উদ্দেশ্য।
এই ৰেলীত অসমৰ ৯ গৰাকীকে ধৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুঠ ৬৩ গৰাকী আৰক্ষীৰ লোকে অংশগ্ৰহণ কৰিছে।
আজিৰ এই অনুষ্ঠানত আৰক্ষী, চিআৰপিএফৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ লাভলিনা বৰগোহাঁইও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী