নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মাৰ ঐতিহাসিক বিজয়
–ভোটাৰ ৰাইজলৈ বিজেপিৰ প্ৰদেশ সভাপতি, দিলীপ শইকীয়াৰ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন গুৱাহাটী, ১০ চেপ্তেম্বৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ তথা এনডিএৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই বিপুল ভোটৰ ব্যৱধানত বিজয় সাৱ্যস্ত কৰা
বিজেপি দলৰ দলীয় পতাকা


–ভোটাৰ ৰাইজলৈ বিজেপিৰ প্ৰদেশ সভাপতি, দিলীপ শইকীয়াৰ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন

গুৱাহাটী, ১০ চেপ্তেম্বৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ তথা এনডিএৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই বিপুল ভোটৰ ব্যৱধানত বিজয় সাৱ্যস্ত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শকীয়াই নগাঁও লোকসভা সমষ্টিৰ সমূহ ভোটাৰ আৰু জনসাধাৰণলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰৰৰ লগতে দেৱাশীষ শৰ্মাক আন্তৰিক শুভেচ্ছাঁ জ্ঞাপন কৰে ৷

সভাপতি শকীয়াই কয় যে এই বিজয় হৈছে নগাঁৱৰ সচেতন আৰু দেশপ্ৰেমী ৰাইজৰ বিশ্বাসৰ বিজয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ সৱল নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ গতিশীল আৰু বিকাশমুখী শাসন ব্যৱস্থাৰ প্ৰতি ৰাইজে যি অকুণ্ঠ সমৰ্থন আগবঢ়াইছে, এই ফলাফলে তাকেই পুনৰ প্ৰমাণ কৰিলে। বিজেপিৰ ৰাজ্যিক শইকীয়াই কয় যে দেৱাশীষ শৰ্মা এজন দায়িত্বশীল জনসেৱক হিচাপে সদায় নগাঁৱৰ সমস্যা আৰু বিকাশৰ বাবে কাম কৰি আহিছে। লোকসভাতো তেওঁ নগাঁওবাসীৰ মাত সজোৰে তুলি ধৰিব আৰু সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ ধাৰা আৰু অধিক ক্ষিপ্ৰতৰ কৰি তুলিব বুলি দল সম্পূৰ্ণ আশাবাদী।

প্ৰদেশ সভাপতিগৰাকীয়ে এই নিৰ্বাচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিন-ৰাতি একাকাৰ কৰি ১৫ খন নিৰ্বাচনী সভাত অংশগ্ৰহণে বিজেপিৰ বিজয় নিশ্চিত কৰে বুলি মুখ্য মন্ত্ৰীক শলাগে আৰু বিজেপিৰ প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তা, মিত্ৰজোঁটৰ শ্ৰদ্ধাৰ নেতা-কৰ্মী আৰু ভোটাৰ ৰাইজক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাইজৰ এই আৰ্শীবাদ আৰু আস্থা শিৰোগত কৰি বিজেপিয়ে অনাগত দিনতো ৰাজ্যখনৰ শান্তি, সংহতি আৰু সৰ্বাংগীন প্ৰগতিৰ বাবে উৎসৰ্গিতভাৱে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande