
নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সৈতে বিৰোধী নেতাৰ বৈঠকক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিগৰাকীক দেশৰ ৰাজপথত বিয়পাব বিচৰা বিশৃংখলতাৰ মাজলৈ টানি নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে।
শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ সম্বিত পাত্ৰই কয় যে যন্তৰ মন্তৰত যি হৈ আছে সেয়া ভাৰতৰ কাহিনী নহয়। টিভি আৰু কিছুমান ছ’চিয়েল মিডিয়া হেণ্ডেলত দেখুওৱা ছবিবোৰে দেশৰ প্ৰকৃত পৰিস্থিতিৰ প্ৰতিফলন ঘটাব নোৱাৰে। ভাৰত শান্তিপূৰ্ণ আৰু সুশাসনেৰে আগবাঢ়িছে। তেওঁ অভিযোগ কৰে যে যোৱা কেইদিনমানৰ পৰা দিল্লীৰ এটা চুকত থকা একাংশ নৈৰাজ্যবাদীয়ে পৰিৱেশ বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল যদিও এতিয়া তেওঁলোকৰ এই প্ৰচেষ্টা সম্পূৰ্ণ বিফল হৈছে। তেওঁ ইয়াক নৈৰাজ্যবাদীৰ ফ্লপ শ্ব’ বুলি অভিহিত কৰি কয় যে ই সম্পূৰ্ণৰূপে ভাঙি গৈছে। ৰাহুলৰ এই মন্তব্যক লৈ কটাক্ষ কৰি সম্বিত পাত্ৰই তেওঁক “অযোগ্য নেতা” বুলিও অভিহিত কৰে।
বিজেপি সাংসদগৰাকীয়ে কয় যে এদিন পূৰ্বে একাংশ ৰাজনীতিবিদে ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পিছত ৰাহুল গান্ধীৰ বক্তব্য আছিল দায়িত্বহীন নেতাৰ। পাত্ৰই অভিযোগ কৰে যে ৰাষ্ট্ৰপতিগৰাকীক ৰাজপথৰ প্ৰতিবাদৰ মাজলৈ টানি অনাৰ চেষ্টা আগতে কেতিয়াও হোৱা নাছিল যদিও ৰাহুল গান্ধীয়ে কৰিছিল। ৰাহুলে দেশৰ ৰাজপথত বিয়পাই দিব বিচৰা অৰাজকতাৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীক সংযোগ কৰিবলৈ চেষ্টা কৰিছিল বুলিও তেওঁ কয়। এই সমগ্ৰ ঘটনাক বিজেপিয়ে সাংবিধানিক পদ এটাক ৰাজনৈতিক বিতৰ্কৰ মাজলৈ টানি অনাৰ প্ৰয়াস বুলি অভিহিত কৰে।
পাত্ৰই অভিযোগ কৰে যে যন্তৰ মন্তৰত প্ৰতিবাদৰ জৰিয়তে ভাৰত আৰু ৰাষ্ট্ৰীয় ৰাজধানীক পণবন্দী কৰি ৰখাৰ চেষ্টা কৰা হৈছিল। প্ৰতিবাদৰ সময়ত অগ্নিসংযোগ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল যদিও সেয়া ব্যৰ্থ হয়। তেওঁৰ মতে আজি গণতন্ত্ৰই গণতন্ত্ৰৰ ওপৰত জয়লাভ কৰিছে।
বিজেপি সাংসদগৰাকীয়ে কয় যে এইটো এটাও ঘটনা নহয়। কিছুদিন পূৰ্বে কংগ্ৰেছে বন্ধৰ আহ্বান জনাইছিল, তাৰ পিছত প্ৰতিবাদ, এতিয়া ১২ তাৰিখৰ বাবে আন এক প্ৰতিবাদৰ আহ্বান। তেওঁ অভিযোগ কৰে যে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দেশৰ পৰিৱেশ বিঘ্নিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে।
পাত্ৰই কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত আভ্যন্তৰীণ যুঁজৰ অভিযোগো উত্থাপন কৰে। তেওঁ কয় যে এই প্ৰতিবাদৰ বাবে দুয়োটা দলে ক্ৰেডিটৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। বিজেপিয়ে ইয়াক অৰাজকতা বিয়পোৱাসকলৰ মাজত অৰাজকতা বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া