পৱিত্ৰ মহালয়া উপলক্ষে চিৰাঙৰ বিজনীত শোভাযাত্ৰা
চিৰাঙ, ১০ অক্টোবৰ (হি.স.)। পৱিত্ৰ মহালয়া উপলক্ষে চিৰাঙৰ বিজনীত শনিবাৰে উলিওৱা হয় বৰ্ণাঢ্য শোভাযাত্ৰা। বিজনীৰ ঐক্যতান মহালয়া আৰু দূৰ্গা পূজা উদযাপন কমিটিৰ উদ্যোগত, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটি , গুৰুকুল সাংস্কৃতিক বিদ্য
পৱিত্ৰ মহালয়া উপলক্ষে চিৰাঙৰ বিজনীত শোভাযাত্ৰা


চিৰাঙ, ১০ অক্টোবৰ (হি.স.)। পৱিত্ৰ মহালয়া উপলক্ষে চিৰাঙৰ বিজনীত শনিবাৰে উলিওৱা হয় বৰ্ণাঢ্য শোভাযাত্ৰা।

বিজনীৰ ঐক্যতান মহালয়া আৰু দূৰ্গা পূজা উদযাপন কমিটিৰ উদ্যোগত, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটি , গুৰুকুল সাংস্কৃতিক বিদ্যালয়ৰ সহযোগত উলিওৱা হয় উক্ত শোভাযাত্ৰা।

দেৱী দুৰ্গাৰ আগমনী বাৰ্তা কঢ়িয়াই অনা বড়ো কলিবাৰীৰ পৰা উলিওৱা এই শোভাযাত্ৰাটো উদ্বোধন কৰে বিজনীৰ বিধায়ক অৰুপ কুমাৰ দে'ই।

শোভাযাত্ৰাত বিজনীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰি বিজনী চহৰ পৰিভ্ৰমণ কৰে।

একেদৰে পৱিত্ৰ মহালয়া উপলক্ষে বিজনীৰ পুৰণি গৰু বজাৰৰ পৰা উলিওৱা হয় আন এটা বৰ্ণাঢ্য শোভাযাত্ৰা।

সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আৰু বিজনী মহালয়া, দূৰ্গাপূজা সমন্বয় সমিতিৰ সহযোগত উলিওৱা এই শোভাযাত্ৰাটো উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে।

শোভাযাত্ৰাত বিজনীৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি বিজনী চহৰ পৰিভ্ৰমণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande