
বৰপেটা, ১০ অক্টোবৰ (হি.স.)। আজি পবিত্ৰ মহালয়া । আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথি । মহালয়াৰ এই শাৰদীয় দিনটোতে মৰ্তলৈ আগমন ঘটে দশভূজা দুৰ্গা দেৱীৰ । বৰপেটাৰোডত দেৱী দূৰ্গাৰ ৰূপত মহালয়াৰ শোভাযাত্ৰাত অংশগ্ৰহন কৰি ভাগ ললে নৃত্যত ।
পৱিত্ৰ মহালয়া উপলক্ষে বৰপেটাৰোডত বৰ্ণাঢ্য শোভাযাত্ৰাত সুন্দৰ সাজ পোচাক পৰিধান কৰি চহৰবাসীয়ে অংশগ্ৰহণ কৰে ।
দেৱী দুৰ্গাৰ আগমনী বাৰ্তা কঢ়িয়াই অনা এই শোভাযাত্ৰাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় আধ্যাত্মিক আৰু আনন্দপূৰ্ণ ভক্তিময় পৰিৱেশৰ ।
মহালয়াৰ বিশেষ দিনটোত ধৰ্মীয় পৰম্পৰা আৰু ভক্তিৰে অনুষ্ঠিত শোভাযাত্ৰাই শাৰদীয় দুৰ্গোৎসৱৰ আগমনী বতৰা কঢ়িয়াই আনে।
মহালয়াৰ শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত পূজাৰ উৎসাহ-উদ্দীপনাৰ সৃষ্টি হয়।
কলহভাঙা পূজা সমিতিৰ এই উদ্যোগে মহালয়াৰ ধৰ্মীয় তাৎপৰ্য আৰু শাৰদীয় উৎসৱৰ আনন্দময় পৰিৱেশক প্ৰতিফলিত কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা