অলংকাৰ বজাৰৰ উৰ্ধগামী ধাৰা ৰুদ্ধ, সোণ আৰু ৰূপৰ চমক হ্ৰাস
নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰৰ অব্যাহত থকা উত্থান আজি স্তব্ধ হোৱা যেন লাগে। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৩৭০ টকাৰ পৰা ১৫০০ টকাৰ ভিতৰত হ্ৰাস পাইছে। একেদৰে দিল্লীতো প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৫২০০ টকা হ্ৰাস পাইছে। আজিৰ এই হ্ৰাসৰ
प्रतीकात्मक


নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰৰ অব্যাহত থকা উত্থান আজি স্তব্ধ হোৱা যেন লাগে। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৩৭০ টকাৰ পৰা ১৫০০ টকাৰ ভিতৰত হ্ৰাস পাইছে। একেদৰে দিল্লীতো প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৫২০০ টকা হ্ৰাস পাইছে। আজিৰ এই হ্ৰাসৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,৩৭,৯৯০ টকাৰ পৰা ১,৩৮,১৪০ টকাৰ ভিতৰত ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,২৬,৪৯০ টকাৰ পৰা ১,২৬,৬৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। সোণৰ দৰেই ৰূপৰ দামো হ্ৰাস পাই আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত এই চিকচিকিয়া ধাতুৰ মূল্য ২,৫১,৯০০ টকা হ’ল।

দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য ১,৩৮,১৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য ১,২৬,৬৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩৭,৯৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,২৬,৪৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,০৪০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,২৬,৫৪০ টকা।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩৭,৯৯০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,২৬,৪৯০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৭,৯৯০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,২৬,৪৯০ টকা। ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৩৮,০৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৬,৫৪০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,৩৮,১৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৬,৬৪০ টকা হাৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,০৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৬,৫৪০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩৮,১৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,২৬,৬৪০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ দাম দুৰ্বল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য ১,৩৭,৯৯০ টকা প্ৰতি ১০ গ্ৰামত। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৬,৪৯০ টকা হাৰত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande