মুখ্যমন্ত্ৰীয়ে আজি বিতৰণ কৰিব চতুৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ
গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.) । আজিৰ পৰা আৰম্ভ হ’ব অসম চৰকাৰে পৰিচালনা কৰা এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী। আজি নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ ন
মুখ্যমন্ত্ৰীয়ে আজি বিতৰণ কৰিব চতুৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ


গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.) । আজিৰ পৰা আৰম্ভ হ’ব অসম চৰকাৰে পৰিচালনা কৰা এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী। আজি নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী অনুসৰি আজি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত চতুৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

ইফালে অহা ১০ জানুৱাৰীত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত তৃতীয় শ্ৰেণীৰ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

অহা ১২ জানুৱাৰীত ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত চাহ জনজাতি প্ৰাৰ্থী (তৃতীয় আৰু চতুৰ্থ শ্ৰেণী)লৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধানসভা নির্বাচনৰ সময়ত এক লাখ নিযুক্তিৰ প্রতিশ্রুতি দিছিল, যিটো এতিয়া ডেৰ লাখৰো অধিক হৈছে৷ এই সংখ্যা এতিয়াও বৃদ্ধি পাইছে ।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande