লখৰাৰ গাড়ী মটৰ মেৰামতি কৰা ৱৰ্কশ্বপ ত অগ্নিকাণ্ড,কেইবা লাখ টকাৰ বাছ ভস্মীভুত
গুৱাহাটী, ০৮ জানুৱাৰী, (হি.স.)। মাজনিশা লখৰা চাৰিআলি গড়ভঙ্গা পথত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এটা সংঘটিত হয়। ''নিউ এচ এচ মটৰ ৱৰ্ক'' নামৰ ৱৰ্কশ্বপ টোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত চাৰি খনকৈ নতুন চুপাৰৰ লগতে মে
गुवाहाटीः आग लगने से वर्कशॉप में खड़ी बसें जलकर राख


গুৱাহাটী, ০৮ জানুৱাৰী, (হি.স.)। মাজনিশা লখৰা চাৰিআলি গড়ভঙ্গা পথত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এটা সংঘটিত হয়। 'নিউ এচ এচ মটৰ ৱৰ্ক' নামৰ ৱৰ্কশ্বপ টোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত চাৰি খনকৈ নতুন চুপাৰৰ লগতে মেৰামতিৰ কাম চলি থকা আন কেইবাখনো নৈশ বাছ।

নিশা প্ৰায় ১২ বজাত ৱৰ্কশ্বপ টোত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে বৰ্তমানো নিশ্চিত নহই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া সকল। উল্লেখযোগ্য যে নিশা ৱৰ্কশ্বপটোত কৰা নহয় মেৰামতিৰ কাম, ইয়াৰ পিছতো কেনেকৈ অগ্নিকাণ্ডৰ ঘটনা সৃষ্টি হবলৈ পালে সেইটো এতিয়াও ৰহস্যজনক।স্থানীয় লোকে খবৰ দিয়াৰ পিছত তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া সকল আহি ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ৱৰ্কশ্বপত থকা প্ৰতিখন বাছ ভষ্মিভুত হৈ পৰে।

অৱশেষত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ।ঘটনা স্থলীত উপস্থিত হয় প্ৰায় ১০খনৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ।ৱৰ্কশ্বপটোৰ কতৃপক্ষ চুজিত সিং বুলি জানিব পৰা গৈছে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ

 rajesh pande