
জিৰিঘাট (মণিপুৰ), ০৬ জানুৱাৰী (হি.স.)। মণিপুৰত বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা। বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে জিৰিঘাট পি এইচ ই ৰোড এলেকাত ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে বুলি মঙলবাৰে আৰক্ষীৰ মুখপাত্ৰই জনায়। আটকাধীন মহিলাগৰাকীক মণিপুৰৰ তামেংলং জিলাৰ অইনামলঙৰ বাসিন্দা প্ৰয়াত গেনিংথাইৰ পত্নী ৰাহেনলিউ বুলি জানিব পৰা গৈছে।
তালাচীৰ সময়ত মহিলাগৰাকীৰ পৰা মুঠ ২,১৫৫.২ গ্ৰাম সন্দেহযুক্ত ইয়াবা টেবলেট উদ্ধাৰ কৰি জব্দ কৰা হয়। স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰে।
বিষয়াসকলৰ মতে, সমগ্ৰ অভিযানটো নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ বিধান অনুসৰি সম্পন্ন কৰা হৈছে। এই গোচৰত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ