মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। গুৱাহাটী মহানগৰীত এটা ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ ফেন্সি বজাৰ আৰক্ষীৰ এটা দলে ৩ নং ৰেলৱে গেটৰ সমীপৰ উছামাটিত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰ
गुवाहाटी में ड्रग्स समेत गिरफ्तार तस्कर


গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। গুৱাহাটী মহানগৰীত এটা ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ ফেন্সি বজাৰ আৰক্ষীৰ এটা দলে ৩ নং ৰেলৱে গেটৰ সমীপৰ উছামাটিত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

আজি আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি অভিযানৰ সময়ত জগদীশ ডালু (২১, ভৰলুমুখ, গুৱাহাটী)ক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ পৰা ৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন থকা ৬টা শিশি উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande