
ইম্ফল, ০৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (কেচিপি-টাইবাংগনবা)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। সোমবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইম্ফল ইষ্ট জিলাৰ ইৰিলবুং থানা এলেকাৰ অন্তৰ্গত কংবা খুনৌ অঞ্চলত গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত উগ্ৰপন্থীজন বিষ্ণুপুৰ জিলাৰ নামবোল লেইটনজাম মাখা লেইকাইৰ নিবাসী টেনছুবম বংকিম সিং ওৰফে চাক-থেকপা ওৰফে মাংগাং পুনছিবা (২৫) বুলি জানিব পৰা গৈছে। তেওঁৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা ৯ এম এম পিষ্টল, চাৰিটা লাইভ কাৰ্টিজ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী