
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। উত্তৰ-পূব ভাৰতৰ কেইবাখনো ৰাজ্যত আজি সোমবাৰে পুৱতি নিশা ভূমিকম্পৰ কম্পন অনুভূত হয়। পুৱতি নিশা ৪:১৭:৪০ বজাত অনুভূতত হোৱা এই ভূমিকম্পৰ প্ৰাৱল্য় ৰিখটাৰ স্কেলত ৫.১ লিপিবদ্ধ কৰা হয়। বহু সময় ধৰি জোকাৰণিৰ ফলত মানুহৰ মাজত আতংক বিয়পি পৰে আৰু শোৱাপাতি এৰি বাহিৰ ওলাই আহে।
মধ্যমীয়া তীব্ৰতাৰ এই ভূমিকম্পই অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান, চীন আদিকো প্ৰভাৱিত কৰিছিল। অৱশ্যে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ২৬.৩৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.২৯ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অসমৰ মৰিগাঁও জিলাৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত ভূপষ্ঠৰ পৰা ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া