
গোলাঘাট, ০৪ জানুৱাৰী (হি.স.): সম্প্ৰতি পথ সুৰক্ষাৰ অধিক সষ্টম হৈ পৰিছে দেৰগাঁও যান-বাহন আৰক্ষী বাহিনী। দেৰগাঁৱৰ ৰাজপথত দৈনিক অভিযান চলিব ধৰিছে যানবাহন আৰক্ষীৰ। নিশা হলেই আৰম্ভ হয় এই অভিযান। আইন উলংঘনকাৰী বিৰুদ্ধে কঠোৰ স্থিতি লৈছে দেৰগাঁও আৰক্ষীয়ে।
দেৰগাঁও সম-জিলা আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ বৈশ্যৰ নেতৃত্বত যানবাহন আৰক্ষীযে ধাৰাবাহিক ভাবে চলাই আহিছে অভিযান । বিগত কিছু দিন ধৰি হেলমেট পৰিধান নকৰা বাইক চালক তথা সুৰাপায়ী চালকৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান দেৰগাঁও যানবাহন আৰক্ষীয়ে। আইন উলংঘন কৰা চালকৰ বিৰুদ্ধে জৰিমনা বিহাৰ উপৰিও সাৱধানতা অৱলম্বন কৰাৰ নিৰ্দেশ দিয়ে সকলোকে। চালক সকলক নিজৰ মূল্যবান জীৱনটোৰ সৈতে খেলা নকৰিবলৈ আহ্বান জনাইছে সম-জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ