
গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহল এলেকালৈ স্থানান্তৰ কৰা হ’ব গৌহাটী উচ্চ ন্যায়ালয় । এই স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব। এই পদক্ষেপক ৰাজ্যৰ ন্যায়িক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
ন্যায়িক সূত্ৰই জনোৱা মতে, অহা ১১ জানুৱাৰীত নতুন আদালত পৰিসৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই অনুষ্ঠানত উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সূৰ্য্য কান্ত উপস্থিত থাকিব।
উচ্চ ন্যায়ালয়ক ঐতিহাসিকভাৱে উল্লেখযোগ্য ৰংমহললৈ স্থানান্তৰিত কৰাৰ ফলত আধুনিক সা-সুবিধাৰ সৈতে ন্যায়িক কাম-কাজ চলোৱাত সুবিধা হ’ব, লগতে বৰ্তমানৰ পৰিসৰটোৰ ওপৰত বৰ্ধিত হেঁচাও হ্ৰাস পাব বুলি আশা কৰা হৈছে।
---------
हिन्दुस्थान समाचार / অৰৱিন্দ