শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পত পকী বেৰ খহি পৰিল
শিৱসাগৰ, ০৩ জানুৱাৰী (হি.স.)। শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পত অঘটন ৷খহি পৰিল ব্যক্তিগত চৌহদৰ প্ৰকাণ্ড দেৱাল ৷কথমপি প্ৰাণৰক্ষা প্ৰায় ১৫ গৰাকী শ্ৰমিকৰ ৷ প্ৰকল্পস্থলীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কালি নিশা প্ৰায় দহ মান বজাত কুঁৱলী আৰু প্ৰচণ্ড শীতৰ
শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পত পকী বেৰ খহি পৰিল


শিৱসাগৰ, ০৩ জানুৱাৰী (হি.স.)। শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পত অঘটন ৷খহি পৰিল ব্যক্তিগত চৌহদৰ প্ৰকাণ্ড দেৱাল ৷কথমপি প্ৰাণৰক্ষা প্ৰায় ১৫ গৰাকী শ্ৰমিকৰ ৷ প্ৰকল্পস্থলীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কালি নিশা প্ৰায় দহ মান বজাত কুঁৱলী আৰু প্ৰচণ্ড শীতৰ মাজতেই উক্ত ঘটনাটো সংঘটিত হয় ৷ ওম প্ৰকাশ চাহু নামৰ ব্যক্তি জনৰ বাসগৃহৰ কাষত ফকলেণ্ডৰ সহায়ত খনন চলোৱাৰ ফলতেই উক্ত ঘটনাটো সংঘটিত হয় ৷

চৌহদৰ দেৱালৰ কাষত অতি গভীৰতাত খনন চলাই ঢালাই দি থকাৰ সময়তেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ নিম্নাংশৰ গভীৰতাত ঢালাই দি নৈশ আহাৰ গ্ৰহণ কৰিবলৈ যাওতেই খহি পৰি দেৱালখন ৷ ৰংঘৰ প্ৰকল্পৰ ঠিকা লাভ কৰা ওম কন্সট্ৰাকচনৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ ৷স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালৰ সৈতে ঘেৰাও কৰিলে প্ৰকল্পস্থলীৰ কাৰ্য্যালয় ৷পলায়ন প্ৰকল্পৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ ৷ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল ৷দেৱাল খহি যোৱাৰ লগতে ওম প্ৰকাশ চাহুৰ আৰ চি চি ঘৰটোতো মেলিছে ফাঁট ৷ৰাইজৰ ক্ষোভ দেখি লগে লগেই গভীৰ খননস্থলী পুতি নিজকে দায় সৰাৰ চেষ্টা ওম কন্সট্ৰাকচনৰ ৷ নীতি বৰ্হিভূৰ্তভাৱে জনবসতি পূৰ্ণ এলেকাত ফকলেণ্ডৰ সহায়ত গভীৰ নিশা কাম চলোৱাৰ অভিযোগ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande