অসম বংগ সীমান্তৰ ছাগলীয়াত ২৮ টাকৈ ম'হ জব্দ
আগমনিৰ ছাগলীয়াত আৰক্ষীৰ অভিযান।
অসম বংগ সীমান্তৰ ছাগলীয়াত ২৮ টাকৈ ম'হ জব্দ


ধুবুৰী, ০৩ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ ছাগলীয়াত যোৱা কালি শুকুৰবাৰে নিশা আগমনি আৰক্ষীৰ অভিযানত পশুধন জব্দ কৰা হয়। অভিযানত অসম বংগ সীমান্তৰ ছাগলীয়াত ২৮ টাকৈ ম'হ জব্দ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি বিহাৰৰ পাঞ্জিপাৰাত ম'হ ভৰ্তি কৰি বৰপেটাৰ হাউলীলৈ গৈ আছিল ট্ৰাকখন। চিমেন্টৰ ইটা ভৰ্তি ট্ৰাকৰ ভিতৰৰ পৰা জব্দ কৰা হয় ম'হ কেইটা। ওপৰত চিমেন্টৰ ইটা আৰু ভিতৰত ২৮ টাকৈ চোৰাং ম'হ ভৰাই সৰৱৰাহ কৰিছিল। গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে আটক কৰে ম'হ ভৰ্তি ট্ৰাকখন। ইফালে ট্ৰাক এৰি চালক জনে পলায়ন কৰে। আৰক্ষীয়ে খেদি খেদি আটক কৰে চালকক। ধৃত চালকজন বৰপেটা ৰোডৰ মোশ্বাৰফ হক বুলি পৰিচয় পোৱা গৈছে। জব্দকৃত ম'হ ভৰ্তি বাহন খনৰ নম্বৰ এএছ ২৫ এফচি ৬৭৫৮ বুলি জনা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande