
টেংগনৌপাল (মণিপুৰ), ২৮ জানুৱাৰী (হি.স.)। মণিপুৰৰ টেঙনৌপাল জিলাৰ মাচি থানা এলেকাৰ মাচি পাহাৰত নিৰাপত্তাৰক্ষীয়ে ড্ৰাগছ বিৰোধী বৃহৎ অভিযান আৰম্ভ কৰি প্ৰায় পাঁচ একৰ অবৈধ আফিং খেতি ধ্বংস কৰে।
বুধবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানত দুৰ্গম পাহাৰত আফিং খেতি চিনাক্ত কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। এই অভিযান ৰাজ্যৰ অবৈধ ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
সূত্ৰসমূহে জনোৱা মতে, ড্ৰাগছ খেতি আৰু সৰবৰাহৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ এনে ধৰণৰ অভিযান অব্যাহত থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া