
নতুন দিল্লী, ২৮ জানুৱাৰী (হি.স.)। মহাৰাষ্ট্ৰৰ বাৰামাটিত বুধবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু চাৰিজন লোকৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গভীৰ শোক প্ৰকাশ কৰে ।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালে অজিত পাৱাৰক শ্ৰদ্ধাঞ্জলি জনাই কয় যে, আজি বিমান দুৰ্ঘটনাত তেওঁৰ হঠাৎ মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখজনক। তেওঁৰ দীৰ্ঘদিনীয়া আৰু প্ৰভাৱশালী ৰাজহুৱা জীৱন আছিল। আৰ এছ এছে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ আত্মাক শান্তি প্ৰদান কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
উল্লেখযোগ্য যে বাৰামাটি বিমানবন্দৰৰ সমীপত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে চাৰিজন লোকৰ মৃত্যু হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া