
ডাভোছ (ছুইজাৰলেণ্ড), ২৩ জানুৱাৰী (হি.স.)। চাৰি বছৰীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আজি সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এই বৈঠক দুদিনীয়া হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, ৰাছিয়া, ইউক্ৰেইনে এই বিষয়ত আলোচনা কৰিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে ছুইজাৰলেণ্ডৰ ডাভোছত বৈঠকত মিলিত হৈছিল।
চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ডাভোছত জেলেনস্কিক সাক্ষাৎ কৰাৰ পিছত ট্ৰাম্পে কয় যে ৰাছিয়াৰ যুদ্ধৰ অন্ত পেলাবলৈ এতিয়াও বহু সময় লাগিব। মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফৰ বৈঠক অনুষ্ঠিত হয়। ক্ৰেমলিনে প্ৰকাশ কৰা অনুসৰি এই বৈঠক তিনি ঘণ্টাৰো অধিক সময় ধৰি চলিছিল। উইটকফ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰ উপস্থিত আছিল। ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পৰাৰ আশাৰে বৃহস্পতিবাৰে গভীৰ নিশা দুয়োজনেই মস্কোত উপস্থিত হয়। ৰাছিয়াৰ ছ’ভাৰেইন ৱেলথ ফাণ্ডৰ মুৰব্বী কিৰিল ডিমিট্ৰিয়েভে এই আলোচনাক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
এবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে জেলেনস্কিয়ে কয় যে ইউক্ৰেইন, ৰাছিয়া আৰু আমেৰিকাৰ মাজত ত্ৰিপাক্ষিক আলোচনা সংযুক্ত আৰব আমিৰশ্বাহীত হোৱাৰ সম্ভাৱনা আছে। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত জেলেনস্কিয়ে কয় যে মই ভাবো যে এইখন আবুধাবিত অনুষ্ঠিত হ’ব প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক। শুকুৰবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব এই বৈঠক। জেলেনস্কিয়ে কয় যে কেৱল ইউক্ৰেইনেই নহয় ৰাছিয়াও আপোচৰ বাবে সাজু হ’ব লাগিব। প্ৰায় চাৰি বছৰীয়া যুদ্ধৰ বাবে বৰ্তমান কিয়ভ আৰু মস্কো দুয়োখন দেশৰ অৱস্থা কঠিন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া