আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
গুৱাহাটী, ২৩ জানুৱাৰী (হি.স.)। আজি শুকুৰবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয় । আজি ২৩ জানুৱাৰীত সূৰ্য উদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হ’ব, সেয়েহে ২৩ জানুৱাৰী শুকুৰবাৰে পালন কৰা
দেৱী সৰস্বতী পূজা


গুৱাহাটী, ২৩ জানুৱাৰী (হি.স.)। আজি শুকুৰবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয় । আজি ২৩ জানুৱাৰীত সূৰ্য উদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হ’ব, সেয়েহে ২৩ জানুৱাৰী শুকুৰবাৰে পালন কৰা হ’ব বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা। সৰস্বতী পূজাৰ দিনা প্ৰতিখন শিক্ষানুষ্ঠান মুখৰিত হৈ পৰে বাগদেৱীৰ আৰাধনাৰে ৷

এই সৰস্বতী পূজাৰ দিনটোতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে দেৱী সৰস্বতীৰ আৰতি কৰি জ্ঞান প্ৰদানৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰিব।

বসন্ত পঞ্চমী কেৱল উৎসৱ নহয়, প্ৰকৃতি, জ্ঞান, জীৱনত নতুন শক্তিৰ আগমনৰ উদযাপন। এই দিনটোত চৌদিশে হালধীয়া ৰং, মনটো আনন্দ আৰু আশাৰে ভৰি পৰে। ভক্তসকলে এই দিনটোত দেৱী সৰস্বতীৰ আশীৰ্বাদ বিচাৰি পূজা কৰে। মন কৰিবলগীয়া যে সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে ৰঙীন সাজপাৰ পৰিধান কৰি শিক্ষানুষ্ঠানসমূহত উথপথপ পৰিৱেশৰ সৃষ্টি কৰে। বিশেষকৈ ছাত্ৰীসকলে মেখেলা চাদৰ বা আন ৰঙীন সাজ পাৰ পৰিধান কৰি এই পুজাত অংশগ্ৰহণ কৰি দেৱীৰ আশীৰ্বাদ বিচাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande