

নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.)। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বালাছাহেব থাকৰেক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে। লগতে প্ৰয়াত বালাছাহেবৰ সৈতে হোৱা সাক্ষাতৰ দুখন ফটোও শ্বেয়াৰ কৰে। তেওঁ লিখিছে, মহান বালাছাহেব থাকৰেৰ জন্ম শতবাৰ্ষিকীত আমি মহাৰাষ্ট্ৰৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশক গভীৰভাৱে গঢ় দিয়া এগৰাকী উচ্চ ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাইছো।
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, তীক্ষ্ণ বুদ্ধিমত্তা, বাকপটু বক্তৃতা আৰু অদম্য বিশ্বাসৰ বাবে পৰিচিত বালাছাহেবৰ জনসাধাৰণৰ সৈতে এক অনন্য সংযোগ আছিল। ৰাজনীতিৰ বাহিৰেও বালাছাহেবৰ সংস্কৃতি, সাহিত্য, সাংবাদিকতাৰ প্ৰতিও গভীৰ আকৰ্ষণ আছিল। কাৰ্টুনকাৰ হিচাপে তেওঁৰ কেৰিয়াৰে সমাজৰ প্ৰতি তেওঁৰ তীক্ষ্ণ অন্তৰ্দৃষ্টি আৰু বিভিন্ন বিষয়ত নিৰ্ভীক মন্তব্যৰ প্ৰতিফলন ঘটায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ পৰা আমি অনুপ্ৰাণিত হৈছো আৰু ইয়াক পূৰণৰ বাবে সদায় কাম কৰিম।
हिन्दुस्थान समाचार / অৰৱিন্দ