
নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.)। কৃতজ্ঞ ৰাষ্ট্ৰই আজি আজাদ হিন্দ ফৌজৰ নেতা সুভাষ চন্দ্ৰ বসুক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত তেওঁক শ্ৰদ্ধাপূৰ্বক সোঁৱৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজীৰ ত্যাগে তেওঁক সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জন্ম বাৰ্ষিকী শৌৰ্য্যৰ প্ৰতীক। তেওঁৰ চিন্তাধাৰাই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক্সত কেইবাটাও পোষ্ট কৰে। এটাত তেওঁ লিখিছে, নেতাজী সুভাষ চন্দ্ৰ বসুৱে মোক সদায় বহুত অনুপ্ৰাণিত কৰি আহিছে। ২০০৯ চনৰ ২৩ জানুৱাৰীত ই-গ্ৰাম বিশ্বগ্ৰাম আঁচনি আৰম্ভ কৰা হৈছিল। গুজৰাটৰ তথ্য-প্ৰযুক্তি খণ্ডক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই আঁচনিখন আছিল এক অনন্য আঁচনি। নেতাজীৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দখল কৰা হৰিপুৰাৰ পৰা এই আঁচনিখন আৰম্ভ কৰা হৈছিল। মই কেতিয়াও পাহৰিব নোৱাৰো যে নেতাজী বসুৱে খোজ কাঢ়ি যোৱা একেটা পথতে হৰিপুৰাৰ ৰাইজে মোক কেনেকৈ আদৰি লৈ শোভাযাত্ৰা উলিয়াইছিল।''
তেওঁ লিখিছে, নেতাজীৰ সন্মানত তেওঁৰ জন্মদিনক পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰা হৈছে। ২০২১ চনত মই কলকাতাৰ নেতাজী ভৱন ভ্ৰমণ কৰিছিলো। ঠিক এই ভৱনৰ পৰাই নেতাজীয়ে তেওঁৰ মহান যাত্ৰা আৰম্ভ কৰিছিল। নেতাজীৰ জন্ম বাৰ্ষিকী পৰাক্ৰম দিৱস হিচাপে পালন কৰি ৰাষ্ট্ৰই তেওঁৰ অদম্য সাহস, দৃঢ়তা, আৰু দেশৰ প্ৰতি আগবঢ়োৱা অতুলনীয় অৱদানৰ কথা মনত পেলাইছে। তেওঁৰ নিৰ্ভীক নেতৃত্ব আৰু অটল দেশপ্ৰেমৰ আদৰ্শ দাঙি ধৰিছে। তেওঁৰ আদৰ্শই আজিও প্ৰজন্মৰ পৰা প্ৰজন্মক এখন সৱল ভাৰত গঢ়ি তোলাৰ অনুপ্ৰেৰণা যোগায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, ঔপনিৱেশিক চিন্তাধাৰা নিৰ্মূলৰ বাবে আমাৰ প্ৰচেষ্টা আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ এক উজ্জ্বল উদাহৰণ ৰাষ্ট্ৰৰ ৰাজধানীৰ মাজমজিয়াত, ইণ্ডিয়া গেটৰ ওচৰত তেওঁৰ ভৱ্য প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্তত দেখা যায়। এই ভৱ্য মূৰ্তিটোৱে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ