জোনবিল মেলাৰ আজি দ্বিতীয় দিনা ঐতিহাসিক বিনিময় প্ৰথাৰ হাট
জোনবিল মেলাৰ আজি দ্বিতীয় দিন ।
জোনবিল মেলাৰ আজি দ্বিতীয় দিনা ঐতিহাসিক বিনিময় প্ৰথাৰ হাট


কামৰূপ, ২৩ জানুৱাৰী (হি.স.): জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয় দিন । ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ পৰম্পৰাগত এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন । বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই জোনবিল মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় ঐতিহাসিক বিনিময় প্ৰথাৰ হাট ।

সম্প্ৰীতিৰ এনাজৰী বান্ধি কাহিলি পুৱাতে অনুষ্ঠিত কৰা এই বিনিময় হাটত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই । বিনিমযৰ এই সময়ছোৱাত অচল হৈ পৰে মূদ্ৰাৰ প্ৰচলন । আজি এই বিনিময় প্ৰথাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই বিনিময় হাটত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ । ইফালে এই ঐতিহাসিক প্ৰথাৰ চাক্ষুস অভিজ্ঞতা গ্ৰহণ কৰিবলৈ উথপথপ হৈ পৰে জোনবিৰি পাৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande