
লক্ষীমপুৰ, ২৩ জানুৱাৰী (হি.স.): বহু প্ৰতিক্ষাৰ অন্তত মহিলাসকলৰ উদ্যমিতা আচঁনিৰ ধন বিতৰণ কৰিবলৈ অহা ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আহিব বিহপুৰীয়া সমষ্টিলৈ ৷ নাৰায়ণপুৰৰ জৰাবাৰী পথাৰত মুখ্যমন্ত্ৰীৰ সভাৰ বাবে বিশাল আয়োজন চলাইছে জিলা প্ৰশাসনে ৷
উল্লেখ্য় যে সমষ্টিটোৰ ৩৩৯৯০ গৰাকী মহিলাক উদ্যমিতা আচঁনিৰ ধন উক্ত অনুষ্ঠানতে প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন গৃহৰ দ্বাৰ উন্মোচন কৰাৰ লগতে মাধৱদেৱ কলাক্ষেত্ৰৰ আধুনিক হল আৰু দৈশিঙ্গিয়া গ্ৰেজিংত নিৰ্মাণ সম্পূৰ্ণ কৰা মিনি ষ্টেডিয়ামৰ দ্বাৰ মুকলি কৰিব ৷ সমষ্টিটোৰ চাৰিটা স্থানত মুখ্যমন্ত্ৰীগৰাকীৰ অনুষ্ঠানৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ আগলি বতৰাই মহিলাসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ পাছত সমষ্টিটোত কোনে দলীয় প্ৰাৰ্থীত্ব লাভ কৰিব ইয়াৰো ইংগিত সমষ্টিবাসীৰ প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ যাৰবাবে বিধায়ক অমিয় কুমাৰ ভূঞাৰ লগতে দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ মাজতো তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ