ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা।
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা


ধুবুৰী, ২৩ জানুৱাৰী (হি.স.): ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক ভয়ঙ্কৰ নাও দুৰ্ঘটনা সংঘটিত হয় । ধুবুৰীৰ পৰা জলেশ্বৰৰ মাজ ভাগত সংঘটিত হয এই ভয়ঙ্কৰ দুৰ্ঘটনা । ধুবুৰীৰ পৰা জলেশ্বৰ লৈ জোৱাৰ সময়ত অধিক যাত্ৰী কঢ়িওৱাৰ বাবে যাত্ৰীবাহী নাও ডুব যায় ব্ৰহ্মপুত্ৰৰ মাজত।

নাওখন ডুব যোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নাওখনত অন্তঃসত্বা মহিলা, শিশু সহ প্ৰায় ৯০ জনকৈ যাত্ৰী আছিল । অৱশেষত কাষতেই থকা নাওৰ চালক সকলে ঘটনা স্থলীত উপস্থিত হৈ যাত্ৰী সকলৰ প্ৰাণ ৰক্ষা কৰে । নদীত পেলাই দিয়া হয় টিউব, টায়াৰ, নৌকাৰ সা সামগ্ৰী। অৱশেষত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যাত্ৰীসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande