আইজিপিএলে গলফ চেম্পিয়নসকলৰ বাবে আৰম্ভ কৰিলে তৃণমূল পৰ্যায়ৰ মেণ্টৰশ্বিপ কাৰ্যসূচী
নতুন দিল্লী, ২২ জানুৱাৰী (হি.স.)। ইণ্ডিয়ান গলফ প্ৰিমিয়াৰ লীগে (আইজিপিএল) ইণ্ডিয়ান গলফ ইউনিয়ন (আইজিইউ), প্ৰফেচনেল গলফাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (পিজিএআই), আৰু দ্য গলফ ফাউণ্ডেশ্যন (টিজিএফ)ৰ সহযোগত “গলফ গ্ৰ’থ ইনিচিয়েটিভ” নামৰ এক অভিলাষী তৃণমূল
भारतीय दिग्गज टेनिस खिलाड़ी लिएंडर पेस


নতুন দিল্লী, ২২ জানুৱাৰী (হি.স.)। ইণ্ডিয়ান গলফ প্ৰিমিয়াৰ লীগে (আইজিপিএল) ইণ্ডিয়ান গলফ ইউনিয়ন (আইজিইউ), প্ৰফেচনেল গলফাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (পিজিএআই), আৰু দ্য গলফ ফাউণ্ডেশ্যন (টিজিএফ)ৰ সহযোগত “গলফ গ্ৰ’থ ইনিচিয়েটিভ” নামৰ এক অভিলাষী তৃণমূল পৰ্যায়ৰ উন্নয়ন কাৰ্যসূচী আৰম্ভ কৰিছে।

দিল্লী গলফ ক্লাবত টেনিছৰ কিংবদন্তি লিয়েণ্ডাৰ পেইছৰ উপস্থিতিত এই পদক্ষেপ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।

এই পদক্ষেপে ভাৰতীয় গ’ল্ফৰ উন্নয়নত এক বৃহৎ পৰিৱৰ্তন সাধন কৰে, দেশৰ প্ৰতিটো কোণৰ পৰা প্ৰতিভাক চিনাক্ত আৰু লালন-পালন কৰি বিশ্বৰ মঞ্চলৈ উন্নীত কৰিবলৈ এই খেলবিধক পোনপটীয়াকৈ বিদ্যালয় আৰু খেলপথাৰলৈ লৈ যায়।

এই কাৰ্যসূচীৰ অধীনত ভাৰতীয় গলফিঙৰ কিংবদন্তি জীৱন মিলখা সিং, জ্যোতি ৰান্ধৱা, শিৱ কাপুৰ, গগনজীত ভুল্লাৰ, এছ এছ পি চাৱৰসিয়া, আৰু গৌৰৱ ঘেইয়ে যুৱ খেলুৱৈসকলক মেণ্টৰ কৰিব। লক্ষ্য হৈছে এই ক্ৰীড়াক আৰু অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰা।

তৃণমূল পৰ্যায়ত প্ৰতিভা চিনাক্তকৰণৰ বাবে আইজিপিএলে দ্য গ’ল্ফ ফাউণ্ডেশ্যন (টিজিএফ)ৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই বছৰৰ পৰা ওড়িশা, গুৰুগ্ৰাম, আৰু অন্ধ্ৰ প্ৰদেশত অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব, যিয়ে আঞ্চলিক প্ৰতিভাৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

পৰম্পৰাগত একাডেমীৰ বাহিৰলৈ গৈ এই পদক্ষেপে বিদ্যালয়সমূহত ইন্টাৰেক্টিভ গ’ল্ফ অধিবেশন অনুষ্ঠিত কৰিব, যাৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰথমবাৰৰ বাবে এই খেলবিধৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। এই অংশীদাৰিত্বত আইজিইউ, পিজিএআই, বিদ্যালয়, আৰু কৰ্পৰেট অংশীদাৰসকল জড়িত হ’ব, যিয়ে আগতীয়াকৈ প্ৰতিভা চিনাক্তকৰণৰ বাবে এক সংগঠিত কাঠামো সৃষ্টি কৰিব।

আই জি পি এলৰ চি ই অ’ উত্তম সিং মুণ্ডীয়ে কয় যে, ভাৰতীয় গলফ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু বিশ্বৰ মঞ্চত আধিপত্য বিস্তাৰ কৰিব পৰা এটা প্ৰজন্মক লালন-পালন কৰাৰ সময় আহি পৰিছে। ইয়াৰ বাবে আমি খেলখনক পোনপটীয়াকৈ স্কুল আৰু খেলপথাৰলৈ লৈ গৈছো, কোনো প্ৰতিভা পিছ পৰি ৰোৱাটো নিশ্চিত কৰিছো। অভিজ্ঞ প্ৰবীণ খেলুৱৈৰ সৈতে খেলা আৰু শিকাৰ সুযোগে যুৱ খেলুৱৈসকলক বিজয়ী হিচাপে গঢ় দিব।

এই পদক্ষেপৰ মূল স্তম্ভ হৈছে ৩৬০ ডিগ্ৰী মেণ্টৰশ্বিপ মডেল, য’ত যুৱ খেলুৱৈসকলে ভাৰতীয় গ’ল্ফ আইকনৰ সৈতে খেলিব আৰু তেওঁলোকৰ পৰা শিকিব। শিৱ কাপুৰ, গগনজীত ভুলাৰৰ দৰে খেলুৱৈয়ে উদীয়মান প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰিব।

আই জি পি এলৰ আইকন খেলুৱৈ জীৱন মিলখা সিঙে কয় যে, ভাৰতীয় গলফৰ বিকাশৰ বাবে পৰৱৰ্তী প্ৰজন্মক মেণ্টৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। এই পদক্ষেপে যুৱ খেলুৱৈসকলক গাঁথনিগত প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ প্ৰদান কৰিব, তেওঁলোকৰ শিক্ষণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব আৰু তেওঁলোকক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলক প্ৰত্যাহ্বান জনোৱাৰ আত্মবিশ্বাস প্ৰদান কৰিব।

টেনিছ আইকন লিয়েণ্ডাৰ পেছে কয় যে, ভাৰতীয় খেলুৱৈসকলৰ বিশ্ব মঞ্চত আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। আই জি পি এলৰ সৈতে অংশীদাৰিত্বৰ লক্ষ্য হৈছে গলফলৈ অলিম্পিকৰ মানসিকতা অনা, য'ত প্ৰতিভাক প্ৰাৰম্ভিক পৰ্যায়ত চিনাক্ত কৰা হয় আৰু সম্ভৱপৰ উত্তম কাঠামোৰ ভিতৰত লালন-পালন কৰা হয়।

ইণ্ডিয়ান গলফ এছ’চিয়েশ্যনৰ সঞ্চালক প্ৰধান মেজৰ বিভূতি ভূষনে কয় যে, যদিহে গলফ বিদ্যালয়, চৰকাৰী বিদ্যালয়, টায়াৰ-২, টায়াৰ-৩ চহৰ, আৰু গাঁৱত উপনীত নহয়, তেতিয়ালৈকে মহান প্ৰতিভাৰ উত্থান নহ'ব। ভাৰতীয় গলফৰ ভৱিষ্যতৰ বাবে 'গলফ অন হুইলছ'ৰ দৰে পদক্ষেপ অতি গুৰুত্বপূৰ্ণ।

ইফালে, দ্য গ’ল্ফ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অমিত লুথ্ৰাই কয় যে, আইজিপিএলৰ সৈতে অংশীদাৰিত্বই আমাক বৃহৎ পৰিসৰত দেশৰ বিদ্যালয় আৰু খেলপথাৰলৈ গলফক লৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা ভাৰতৰ যিকোনো কোণৰ পৰা পৰৱৰ্তী গ্ল'বেল চেম্পিয়ন গঢ়ি তোলাত সহায়ক হ'ব পাৰে।

আই জি পি এল গ’ল্ফ ডেভেলপমেণ্ট প্ৰগ্ৰেম পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব। এই বছৰ ওড়িশা, গুৰুগ্ৰাম, আৰু অন্ধ্ৰ প্ৰদেশত নিৰ্মাণ হ’বলগীয়া প্ৰশিক্ষণ কেন্দ্ৰসমূহে ভাৰতত গ’ল্ফৰ দীৰ্ঘম্যাদী উন্নয়নৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande