মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান, ধৃত ১
মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান।
মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান, ধৃত ১


তিনিচুকীয়া, ২২ জানুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আৰক্ষীয়ে ড্ৰাগচ বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰে । যোৱা কাল বুধবাৰে নিশা মাৰ্ঘেৰিটা নতুন দলঙত আৰক্ষীয়ে সন্দেহবশত এখন টাটা এচি গাড়ী ৰখাই তালাচী চলায়। তালাচীৰ সময়ত গাড়ীখনৰ ভিতৰত থকা চৈধ্যটা চাদা কনটেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগচ উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা ড্ৰাগচসহ গাড়ীখনো জব্দ কৰা হয়।

এই সমগ্ৰ অভিযানটো অতিৰিক্ত আৰক্ষী অধীক্ষক ফায়েজ আহমেদৰ নেতৃত্বত চলোৱা হয়। অভিযানকালত আৰক্ষীয়ে দুই নং নাকঙ পথাৰৰ চেংচন মোচং আৰু দিবাংৰ জহম চাইকোক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা অঞ্চলত ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰ কৰি তোলা হৈছে। আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande