মটক যুৱ মহোৎসৱৰ লাইখুটা স্থাপন
মটক যুৱ মহোৎসৱ ৷
মটক যুৱ মহোৎসৱৰ লাইখুটা স্থাপন


ডিব্ৰুগড়, ১৯ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ চাবুৱাত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব মটক যুৱ মহোৎসৱ ৷ অহা ৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা চাবুৱাত অনুষ্ঠিত হ'ব মটক যুৱ মহোসৱ । মটক জনগোষ্ঠী আটাকেইটা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত উক্ত অনুষ্ঠানটোৰ লাইখুটা স্থাপন কাৰ্যসূচী সুকলমে সমাপন কৰা হয় ।

অহা ৫, ৬, ৭ আৰু ৮ তাৰিখে চাবুৱাৰ গল্ফ ফিল্ডত পোনপ্ৰথমবাৰৰ বাবে চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব মটক যুৱ মহোৎসৱ লগতে মটক সন্মিলন, মটক যুৱ ছাত্ৰ পৰিষদ আৰু মটক মহিলা পৰিষদৰ অধিৱেশনো অনুষ্ঠিত হ’ব । উক্ত অনুষ্ঠানটোৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে। অনুষ্ঠানটোৰ যোৱা কালি দেওবাৰে বিয়লি লাইখুটা স্থাপন কাৰ্যসূচী সমাপন হয়। লাইখুটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক বিনোদ হাজৰিকাই। অনুষ্ঠানটোৰ সফল সমাপনৰ বাবে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande