বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো উদ্ধোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে
বৰপেটা, ১৬ জানুৱাৰী (হি.স.)। বজালীত উপস্থিত শিক্ষামন্ত্ৰী ৰনোজ পেগু। আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে তিনিদিনীয়াকৈ অনুস্থিত কৰা হয় বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান । ৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা বিদ্যালয়ৰ নতুন ভৱনটো উদ্ধোধন কৰে
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো উদ্ধোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে


বৰপেটা, ১৬ জানুৱাৰী (হি.স.)। বজালীত উপস্থিত শিক্ষামন্ত্ৰী ৰনোজ পেগু। আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে তিনিদিনীয়াকৈ অনুস্থিত কৰা হয় বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান । ৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা বিদ্যালয়ৰ নতুন ভৱনটো উদ্ধোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। বজালীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।

ব্যক্তিগত শিক্ষানুষ্ঠানৰ দৰে চৰকাৰী শিক্ষানুষ্ঠানও আগবাঢ়ি গৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুই উল্লেখ কৰে। শিক্ষামন্ত্ৰী হৈ মই সম্পুৰ্ণ ভাৱে সুখী নহয়,চৰকাৰী শিক্ষানুষ্ঠানৰ আৰু বহুত কৰিবলীয়া আছে। আমি সকলোৱে একত্ৰিত হৈ চৰকাৰী শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰিব লাগিব। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande