মণিপুৰৰ কামজং জিলাত ১৫ একৰ আফিং খেতি ধ্বংস
কামজং (মণিপুৰ), ১৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ কামজং জিলাৰ ফুংগিয়াৰ থানা এলেকাৰ অন্তৰ্গত লুংফু পাহাৰ ৰেঞ্জত অবৈধ আফিং খেতিৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী, বন বিভাগ আৰু কাৰ্যবাহী দণ্ডাধীশৰ যৌথ দলে অভিযান চলায়। এই অভিযান আৰম্ভ কৰি প্ৰায় ১৫ একৰ আফিং ধ্বংস
Image of the 15 Acres of Poppy Cultivation Destruction in Manipur.


কামজং (মণিপুৰ), ১৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ কামজং জিলাৰ ফুংগিয়াৰ থানা এলেকাৰ অন্তৰ্গত লুংফু পাহাৰ ৰেঞ্জত অবৈধ আফিং খেতিৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী, বন বিভাগ আৰু কাৰ্যবাহী দণ্ডাধীশৰ যৌথ দলে অভিযান চলায়। এই অভিযান আৰম্ভ কৰি প্ৰায় ১৫ একৰ আফিং ধ্বংস কৰে।

আজি বিষয়াসকলে জনোৱা মতে, জিলাখনত অবৈধ আফিং খেতি ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিনাক্ত কৰা অঞ্চলটোত থকা সমগ্ৰ আফিং খেতি ঠাইতে ধ্বংস কৰা হয়।

প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এনে যৌথ অভিযানে অবৈধ খেতি আৰু আনুষংগিক অপৰাধ ৰোধ কৰিবলৈ অব্যাহত ৰাখিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande