
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। চৰকাৰী নিযুক্তিৰ এক লাখৰ সীমা অতিক্ৰম কৰাৰ পিছত এতিয়া অসম চৰকাৰে অভিলেখ ভংগকাৰী নিযুক্তিৰ দিশত আগবাঢ়িছে। এই সন্দৰ্ভত আজি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া পৰিসৰত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ত উত্তীৰ্ণ তৃতীয় শ্ৰেণীৰ ৬,৩৪৭ গৰাকী পৰীক্ষাৰ্থীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিব।
তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ উপৰিও অহা ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আন এক অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত এডিআৰত উত্তীৰ্ণ হোৱা চাহ জনজাতি সম্প্ৰদায়ৰ ২৯২ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।
উল্লেখযোগ্য যে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যত নতুনকৈ নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীৰ মুঠ সংখ্যা ১,৫৬,৬৭৭ লৈ বৃদ্ধি পাব, যিটো ৰাজ্যৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব হিচাপে বিবেচিত হৈছে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত চতুৰ্থ শ্ৰেণীৰ ৪,৩৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিযুক্ত কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া