
মৰিগাঁও, ০৬ ছেপ্টেম্বৰ (হি.স.)। মৰিগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাৰাগাৰৰ পৰা কয়েদী পলায়নত সহায় কৰা অবৈধ প্ৰেমিকা। ধৃত প্ৰেমিকা মহিলা গৰাকী জাগীৰোড পলাচুঙৰ অজন্তা ডেকা। বিগত আগষ্ট মাহত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা জীয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰ নামৰ দুজনকৈ কয়েদী পলায়ন কৰিছিল। দুয়োজন পলাতক কয়েদীক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ অন্তত আৰক্ষীয়ে জাগীৰোডৰ পৰা অজন্তা ডেকাক গ্ৰেপ্তাৰ কৰে।
অজন্তাই সুব্ৰতক এটি লোৰ ৰ'ড কাটিব পৰা ব্লেড জাতীয় সজুঁলি যোগান ধৰিছিল। সুব্ৰত সৰকাৰ আৰু অজন্তা ডেকাৰ মাজত আছিল বহুদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক। কাৰাগাৰত নিয়মীয়াকৈ সাক্ষাৎ কৰাৰ সময়ত সুব্ৰত সৰকাৰে কাৰাগাৰৰ পৰা উলিয়াই নিবলৈ কৰা অনুৰোধ ৰক্ষা কৰি সামগ্ৰী যোগান ধৰিছিল অজন্তা ডেকাই। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / Narayan Kar