জাগীৰোডৰ বহা-বৰজাৰীৰ পথাৰত অঘটন, ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুগৰাকী লোকৰ
মৰিগাঁও, ০৬ ছেপ্টেম্বৰ (হি.স.)। জাগীৰোডৰ বহা-বৰজাৰীৰ পথাৰত অঘটন l ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ''ল দুগৰাকী লোকৰ l মৃত লোকদুজন প্ৰদীপ ভৰালী(৬১) আৰু ভোলা মল্লাহ(২২) l পুৱা নিজৰ ঘৰৰ চৌহদৰ মাটি চহাই থকা অৱস্থাত খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰেক্টৰখন l
জাগীৰোডৰ বহা-বৰজাৰীৰ পথাৰত অঘটন, ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুগৰাকী লোকৰ


মৰিগাঁও, ০৬ ছেপ্টেম্বৰ (হি.স.)। জাগীৰোডৰ বহা-বৰজাৰীৰ পথাৰত অঘটন l ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুগৰাকী লোকৰ l

মৃত লোকদুজন প্ৰদীপ ভৰালী(৬১) আৰু ভোলা মল্লাহ(২২) l পুৱা নিজৰ ঘৰৰ চৌহদৰ মাটি চহাই থকা অৱস্থাত খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰেক্টৰখন l

অতৰ্কিতে হোৱা এই দুৰ্ঘটনাত ট্ৰেক্টৰখনে দুয়োগৰাকী লোকক হেঁচি ধৰাৰ ফলত থিতাতে প্ৰাণ যায় মাটিৰ গৰাকী প্ৰদীপ ভৰালী আৰু সহযোগী ভোলা মল্লাহৰ l

ৰাইজৰ খবৰৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande