বেলুচিস্তানৰ ইৰাণ সীমান্তৰ সমীপত দুই পাকিস্তানী নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা
কুৱেটা (বেলুচিস্তান) পাকিস্তান, ০৬ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ইৰাণৰ সীমান্তৰ সমীপৰ কেচ জিলাৰ মাণ্ড অঞ্চলত শুকুৰবাৰে সশস্ত্ৰ আক্ৰমণত দুজন নিৰাপত্তাৰক্ষী নিহত হয়। বিষয়াসকলৰ মতে, কোহ-পুষাট বজাৰত সংঘটিত হৈছে এই আক্ৰমণ। মটৰ চাইকে
2fcb498e767c53e29087db01e7c5a031_639024966.jpg


কুৱেটা (বেলুচিস্তান) পাকিস্তান, ০৬ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ইৰাণৰ সীমান্তৰ সমীপৰ কেচ জিলাৰ মাণ্ড অঞ্চলত শুকুৰবাৰে সশস্ত্ৰ আক্ৰমণত দুজন নিৰাপত্তাৰক্ষী নিহত হয়। বিষয়াসকলৰ মতে, কোহ-পুষাট বজাৰত সংঘটিত হৈছে এই আক্ৰমণ। মটৰ চাইকেল চলাই থকা নিৰাপত্তাৰক্ষীৰ ওপৰত সশস্ত্ৰ আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। গুলীচালনাত দুয়োৰে থিতাতে মৃত্যু হয়।

ডন কাকতৰ প্ৰতিবেদন অনুসৰি লেভি বাহিনী আৰু অন্যান্য নিৰাপত্তাৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটো ঘেৰাও কৰি মৃতদেহকেইটা ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যায়। নিহত নিৰাপত্তাৰক্ষীৰ নাম আব্দুল আজিজ আৰু জামিল আহমেদ। আক্ৰমণৰ সময়ত দুয়োজনেই সাধাৰণ কাপোৰ পিন্ধি আছিল। দ্য বেলুচিস্তান পোষ্টৰ মতে, এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সংগঠনে গ্ৰহণ কৰা নাই।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande