
ধেমাজি, ০৬ ছেপ্টেম্বৰ (হি.স.)। চিলাপথাৰ নগৰ সৃষ্টিৰ ঐতিহ্য গৰকা আবৰ আলিৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যাতনা ভূগিছে অঞ্চলবাসীয়ে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ বোকা, জৰাজীৰ্ণ কেঁচা পথছোৱাৰ বাবেই কণ কণ ছাত্ৰ ছাত্ৰীৰপৰা আৰম্ভ কৰি ব্যৱসায় বানিজ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত দেখা দিছে জটিল সমস্যা।
চিলাপথাৰ নগৰৰ গাতে লাগি থকা বামগাও বৰুৱাচুক,কুলামুৱা, বঙালী আহোম গাৱকে ধৰি কেইবাটাও গাৱৰ একমাত্ৰ যাতায়তৰ সম্বল এই পথচোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা।
বছৰ বছৰ ধৰি স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুক অৱগত কৰি অহাৰ পিছতো মাত্ৰ আশ্বাস দিয়াৰ পৰিবৰ্তে একো সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অহা বিধানসভা নিৰ্বাচনৰ আগে আগে এই পথচোৱাক যাতায়াতৰ উপযোগীকৈ নিৰ্মাণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা