
শোণিতপুৰ,০৯ ছেপ্টেম্বৰ (হি.স.)। ঠেলামৰাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন'ৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰতিবাদ। ঠেলামৰাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন'ৰ প্ৰতিবাদ। চৰকাৰে অসমৰ অধিকাংশ ১৯৭১ চনৰ পুৰ্বে অহা বাঙালী নাগৰিক সকলক (সন্দেহ যুক্ত নাগৰিক) ডি-ভোটাৰৰ সমস্যা আজিলৈকে সমাধান নকৰাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।
লগতে বাঙালী লোক সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে বিভিন্ন সমস্যাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঙালী লোকৰ সমস্যা সমূহ সমাধান নকৰিলে আৰু অধিক জংগি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, অশোক সিংহাল মূৰ্দাবাদ, বিজেপি মূৰ্দাবাদ ধ্বনীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলা সমিতিয়ে। ৰাজনীতিৰ ৰূপ নিদি অতি সোনকালে ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু