
ৱাশ্বিংটন (আমেৰিকা), ০৬ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ দক্ষিণ-পূব অঞ্চলৰ জৰ্জিয়া ৰাজ্যৰ হুণ্ডাই প্ৰকল্প (প্লাণ্ট)ৰ পৰা ৪৭৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে অভিবাসন বিষয়াই। এই আটাইকেইজনেই দক্ষিণ কোৰিয়াৰ এটা প্ৰধান বেটাৰী নিৰ্মাতা কোম্পানীৰ কৰ্মচাৰী। আমেৰিকাৰ বিষয়াসকলে ইয়াক একক স্থানত হোমলেণ্ড ছিকিউৰিটি এনফৰ্চমেণ্টৰ সৰ্ববৃহৎ অভিযান বুলি অভিহিত কৰিছে।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, জৰ্জিয়াৰ হোমলেণ্ড ছিকিউৰিটি ইনভেষ্টিগেশ্যনৰ স্পেচিয়েল এজেণ্ট ইন চাৰ্জ ষ্টিভেন শ্ৰেংকে এক সংবাদমেলত কয় যে জৰ্জিয়াৰ এলাবেলৰ ছাভানাৰ ওচৰৰ হুণ্ডাইৰ ইলেক্ট্ৰিক বাহনৰ বেটাৰী প্ৰকল্পৰ নিৰ্মাণ স্থানৰ পৰা বৃহস্পতিবাৰে এজেণ্টসকলে ৪৭৫ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে অধিকাংশই দক্ষিণ কোৰিয়াৰ নাগৰিক। তেওঁ কয় যে এই কাৰ্য কেইবামাহো ধৰি চলি থকা তদন্তৰ ফল।
বিশেষ এজেণ্ট শ্ৰেংকে কয় যে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীসকল হয় অবৈধভাৱে আমেৰিকাত আছিল নহয় অবৈধভাৱে কাম কৰি আছিল। এই অভিযানৰ লক্ষ্য হৈছে আইন পালনকাৰী ব্যৱসায়ীসকলৰ বাবে সমান সুযোগ নিশ্চিত কৰা। এই কৰ্মচাৰীসকল বেটাৰী নিৰ্মাতা কোম্পানী এল জি এনাৰ্জি ছলিউচনৰ। কোম্পানীটোৱে হুণ্ডাই মটৰ গ্ৰুপৰ সৈতে এই প্ৰকল্পটোৰ সহযোগী মালিকানাধীন হৈ আছে। হুণ্ডাইয়ে স্বীকাৰ কৰিছে যে তেওঁলোকৰ সংযুক্ত কোম্পানীসমূহৰ কৰ্মচাৰীক আটক কৰা হৈছে। কিন্তু তেওঁলোকৰ কোনোৱেই হুণ্ডাইৰ কৰ্মচাৰী নহয়।
দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে নিশ্চিত কৰে যে আটক কৰা সকলৰ ভিতৰত দক্ষিণ কোৰিয়াৰ নাগৰিকো আছে যদিও কিমানজন লোক জিম্মাত আছে সেই কথা কোৱা নাই। ইফালে আটলাণ্টাৰ প্ৰৱজন (ইমিগ্ৰেচন) অধিবক্তা চাৰ্লছ কুকে কয় যে তেওঁৰ দুজন ক্লায়েণ্ট ভিছা ৰেহাই কাৰ্যসূচীৰ অধীনত দেশখনত আছে। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে।
এছিয়ান আমেৰিকানছ এডভান্সিং জাষ্টিছৰ আটলাণ্টাৰ কাৰ্যালয়ৰ যোগাযোগ সঞ্চালক জেমছ ৱুৱে কয় যে তেওঁ গোটেই জৰ্জিয়াৰ দক্ষিণ কোৰিয়াৰ বাসিন্দাসকলৰ সৈতে গোটেই দিনটো ফোনত কথা পাতি থাকিল। ৱুৱে ক’লে, “মানুহবোৰ শংকাত পৰিছে।” কূটনীতিবিদসকলৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই প্ৰচাৰে দক্ষিণ কোৰিয়াত কূটনৈতিক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। মাত্ৰ এসপ্তাহৰ পূৰ্বে ট্ৰাম্পে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে ম্যুঙক হোৱাইট হাউছত আতিথ্য প্ৰদান কৰিছিল। এই সময়ছোৱাত দক্ষিণ কোৰিয়াৰ নেতাগৰাকীয়ে বেটাৰী নিৰ্মাণকে ধৰি আমেৰিকাত অতিৰিক্ত ১৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
জৰ্জিয়াৰ গৱৰ্ণৰ তথা ৰিপাব্লিকান ব্রায়ান কেম্পে কয় যে ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক উন্নয়ন প্ৰকল্প হিচাপে প্ৰচাৰিত ৭.৬ বিলিয়ন ডলাৰৰ হুণ্ডাই ইভি কাৰখানাটো এই অভিযানৰ বাবেই বন্ধ কৰি দিয়া হৈছে। উদ্যোগটোৰ মুখপাত্ৰ মেৰী বেথ কেনেডীয়ে এক বিবৃতিত কয় যে উদ্যোগটোৱে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা আগবঢ়াইছে।
ডেম’ক্ৰেট দলৰ ৰাজ্যিক প্ৰতিনিধি ছেম পাৰ্কে এই অভিযানক জৰ্জিয়াৰ শ্ৰমিক আৰু পৰিয়ালৰ ওপৰত “ৰাজনৈতিকভাৱে প্ৰেৰিত আক্ৰমণ” বুলি অভিহিত কৰে। তেওঁ কয় যে এই অভিযানসমূহ সেইসকল লোকৰ ওপৰতহে যিয়ে আমাৰ স্বচ্ছ শক্তিৰ ভৱিষ্যত গঢ়ি তুলিছে। জৰ্জিয়াৰ সমৃদ্ধি শ্ৰমিকসকলক অপৰাধী হিচাপে গণ্য কৰা নহয়, সুৰক্ষা দিয়াৰ ওপৰত নিৰ্ভৰশীল।
দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লি জেউঙে শুকুৰবাৰে এখন সংবাদমেলত কয় যে ৱাশ্বিংটন আৰু আটলাণ্টাৰ পৰা দক্ষিণ কোৰিয়াৰ দূতাবাস আৰু কনছুলেটৰ বিষয়াসকলক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। আমেৰিকাৰ আইন প্ৰয়োগকাৰী কাৰ্য্যবিধিৰ সময়ত আমাৰ বিনিয়োগ কোম্পানীসমূহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু আমাৰ নাগৰিকৰ অধিকাৰ আৰু স্বাৰ্থ অযুক্তিকৰভাৱে উলংঘা কৰা উচিত নহয় বুলিও তেওঁ কয়। ইফালে এল জি এনাৰ্জি ছলিউচনে কয় যে তেওঁলোকে নিজৰ কৰ্মচাৰী আৰু ইয়াৰ সংযুক্ত কোম্পানীসমূহৰ কৰ্মচাৰীসকলক মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ দক্ষিণ কোৰিয়া চৰকাৰৰ সৈতে যোগাযোগ ৰাখি কাম কৰি আছে ।
हिन्दुस्थान समाचार / অৰৱিন্দ