কেন্দ্ৰৰ দুটা দলৰ পাঞ্জাৱত জৰীপ আৰম্ভ কৰি বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ
- পঞ্জাৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিবলৈ অমৃতসৰত উপস্থিত হয় শিৱৰাজ চৌহান, সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস চণ্ডীগড়, ০৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে বৃহস্পতিবাৰে পঞ্জাৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অমৃতসৰত উপস্থিত
केंद्रीय कृषि मंत्री शिवराज चाैहान अमृतसर में पंजाब के कृषि मंत्री से बातचीत करते हुए


- পঞ্জাৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিবলৈ অমৃতসৰত উপস্থিত হয় শিৱৰাজ চৌহান, সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস

চণ্ডীগড়, ০৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে বৃহস্পতিবাৰে পঞ্জাৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অমৃতসৰত উপস্থিত হয়। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকীয়ে অমৃতসৰ, পাঠানকোট, গুৰদাসপুৰ, তৰ্ণ তৰণ আৰু ফিৰোজপুৰৰ পাঁচখন জিলাৰ বান প্ৰতিবেদন তেওঁৰ হাতত অৰ্পণ কৰে। তেওঁ আশ্বাস দিয়ে যে এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে পঞ্জাৱৰ জনসাধাৰণৰ লগত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ দুটা দলে আজিৰে পৰা এই জৰীপ আৰম্ভ কৰি বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়।

শিৱৰাজে কয় যে এতিয়ালৈকে ১৪০০ খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য লাভ কৰা হৈছে। তেওঁ নিজে এই গাঁওসমূহ ভ্ৰমণ কৰি ৰাইজক লগ কৰি তেওঁলোকৰ সমস্যাসমূহ বুজিব বুলিও কয়। ইয়াৰ সমান্তৰালকৈ তেওঁ শস্য আৰু সা-সম্পত্তিৰ ক্ষতিৰ বুজ ল’ব। অমৃতসৰত উপস্থিত হোৱাৰ লগে লগে পঞ্জাৱৰ কৃষি মন্ত্ৰী গুৰমীত সিং খুডিয়ান, প্ৰাক্তন মন্ত্ৰী কুলদীপ ধলিৱালে চৌহানক সাক্ষাৎ কৰি পঞ্জাৱ চৰকাৰৰ হৈ বান সন্দৰ্ভত প্ৰতিবেদন দিয়ে। শিৱৰাজ চৌহানৰ লগতে কেন্দ্রীয় মন্ত্রী ৰৱনীত বিট্টু, বিজেপিৰ সভাপতি সুনীল জাখৰ, ৰাষ্ট্রীয় সম্পাদক তৰুণ চুঘকে ধৰি বহু নেতাইও বানাক্রান্ত অঞ্চল পৰিদর্শন কৰে৷ তেওঁ আশ্বাস দিয়ে যে এই সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰ পঞ্জাৱৰ সৈতে থিয় দিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande