ছিংগাপুৰ হৈছে এক প্ৰধান বাণিজ্যিক অংশীদাৰ আৰু ‘এক্ট ইষ্ট পলিচি’ৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ: মোডী
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ সময়ত দুয়োগৰাকী নেতাই বহুমুখী অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ সুযোগসমূহৰ বিষয়ে চৰ্চা কৰে। প
ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱোংগ– মোডী


নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ সময়ত দুয়োগৰাকী নেতাই বহুমুখী অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ সুযোগসমূহৰ বিষয়ে চৰ্চা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰক ভাৰতৰ প্ৰধান বাণিজ্যিক অংশীদাৰ আৰু ‘এক্ট ইষ্ট পলিচি’ৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে।

দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ৱঙৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত স্থাপত্য, সেউজ জাহাজ চলোৱা, দক্ষতা বিকাশ, জল ব্যৱস্থাপনা, পাৰমাণৱিক শক্তি আৰু উন্নত উৎপাদন আদি ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এআই, কোৱাণ্টাম আৰু ডিজিটেল প্ৰযুক্তি, মহাকাশ বিজ্ঞান আৰু অৰ্ধপৰিবাহী উদ্যোগত সহযোগিতাৰ নতুন অধ্যায় সংযোজন কৰাৰ সিদ্ধান্তও লোৱা হয়। আলোচনাৰ অন্তত দুয়োজন নেতাই যৌথভাৱে সংবাদমেল সম্বোধন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰক দক্ষিণ-পূব এছিয়া অঞ্চলত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা ভাৰতত বৃহৎ পৰিসৰৰ বিনিয়োগ হৈছে। যোৱা বছৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত তেওঁ তেওঁলোকৰ সম্পৰ্কক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদা দিছিল আৰু এই বছৰ আলোচনা আৰু সহযোগিতাই গতি আৰু গভীৰতা লাভ কৰিছে। ছিংগাপুৰক ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি আছিয়ানৰ সৈতে সহযোগিতা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ যৌথ দৃষ্টিভংগী আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰি যাম। আজিৰ আলোচনাৰ অন্তত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতা কেৱল পৰম্পৰাগত ক্ষেত্ৰখনতে সীমাবদ্ধ নাথাকিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। আমি আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ বাবে এক বহল ৰোডমেপ প্ৰস্তুত কৰিছো। পৰিৱৰ্তিত সময় অনুসৰি স্থাপত্য, উন্নত উৎপাদন, সেউজ জাহাজ, দক্ষতা, অসামৰিক পাৰমাণৱিক আৰু জল ব্যৱস্থাপনাকে ধৰি বিভিন্ন ক্ষেত্ৰত আলোচনাৰ কেন্দ্ৰবিন্দু আছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ সম্পৰ্ক কূটনীতিৰ বহু ওপৰলৈ গৈছে। ই এক উদ্দেশ্যপ্ৰণোদিত অংশীদাৰিত্ব, ভাগ কৰা মূল্যবোধৰ ওপৰত ভিত্তি কৰি, পাৰস্পৰিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত আৰু শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ ভাগ-বতৰা দৃষ্টিভংগীৰে অনুপ্ৰাণিত। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰ অৰ্ধপৰিবাহী খণ্ডত অংশীদাৰিত্ব চুক্তিয়ে গৱেষণা আৰু উন্নয়নৰ কামত এক নতুন দিশ দিছে। চেন্নাইত ৰাষ্ট্ৰীয় দক্ষতা উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত ছিংগাপুৰে সহযোগিতা আগবঢ়াব। ছিংগাপুৰৰ কোম্পানীসমূহে ভেঞ্চাৰ কৰি ছেমিকণ্ডাক্টৰ ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশে এআই, কোৱাণ্টাম আৰু অন্যান্য ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। একে সময়তে মহাকাশ খণ্ডতো আজি এক চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে মহাকাশ বিজ্ঞানত সহযোগিতাৰ এক নতুন অধ্যায় সংযোজন কৰিছে। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্ব দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এক শক্তিশালী স্তম্ভ।

সন্ত্ৰাসবাদৰ সন্দৰ্ভত উমৈহতীয়া উদ্বেগসমূহ ভাগ কৰি তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে সংহতিৰে যুঁজ দিয়াটো সকলো মানৱীয় দেশৰ কৰ্তব্য। এই প্ৰেক্ষাপটত তেওঁ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সমৰ্থন আগবঢ়োৱাৰ বাবে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী আৰু ছিংগাপুৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৱঙক প্ৰথম ভাৰত ভ্ৰমণত আদৰণি জনাই কয় যে এইবাৰ দুয়োখন দেশৰ সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। ইয়াৰ পূর্বে বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰে পুৱা অতিথি নেতাগৰাকীক সাক্ষাৎ কৰি ভাৰত-ছিংগাপুৰৰ সম্পর্ক অবিৰতভাৱে সুদৃঢ় কৰাৰ বাবে তেওঁৰ প্রচেষ্টাক শলাগ লয় ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande