নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছে ইথানল নীতি আৰু পেট্ৰল-ডিজেলৰ ব্যয়বহুল মূল্যৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি কয় যে মোডী চৰকাৰে ১০ বছৰত কেৱল এই বিষয়ে কথাহে কৈ আছিল আৰু কোনো ধৰণৰ বিশে, কাম কৰা নাছিল, যাৰ বাবে জনসাধাৰণে ব্যয়বহুল পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে।
বৃহস্পতিবাৰে সংবাদমেলত ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ পুৰণি বক্তব্যৰ কথা উল্লেখ কৰি দলৰ মুখপাত্ৰ পৱন খেৰাই কয় যে জনসাধাৰণক সস্তীয়া পেট্ৰ’ল-ডিজেল দিয়াৰ প্ৰতিশ্ৰুতি কেৱল শ্ল’গান হৈ পৰিল।
খেৰাই কয় যে ২০১৪ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী গডকাৰীয়ে নগৰীয়া আৱৰ্জনাৰে ইথানল তৈয়াৰ কৰি প্ৰতি লিটাৰত পেট্ৰ’ল ৫৫ টকা আৰু ডিজেল ৫০ টকাত উপলব্ধ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে এই দিশত কোনো ধৰণৰ বাস্তৱত কাম কৰা হোৱা নাই।
তেওঁ কয় যে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহতো ঘোষণা কৰা হৈছিল যে পাঁচটা ডাঙৰ উদ্যোগ স্থাপন কৰা হ’ব, য’ত কাঠৰ গুড়ি আৰু চহৰৰ আৱৰ্জনাসমূহৰ পৰা ইথানল প্ৰস্তুত কৰা হ’ব। কিন্তু সত্যটো হ’ল এতিয়ালৈকে এই প্ৰযুক্তিৰ পৰা এলিটাৰো ইথানল নিৰ্মাণ কৰা হোৱা নাই।
তেওঁ দাবী কৰে যে এতিয়ালৈকে ৬২৭ কোটি লিটাৰ ইথানল উৎপাদন হৈছে, য’ত ৫৬ শতাংশ চুপাৰিৰ পৰা আৰু বাকীখিনি শস্যৰ পৰা তৈয়াৰ কৰা হৈছে, আনহাতে কোনো আৱৰ্জনা আৰু কাঠ ব্যৱহাৰ কৰা হোৱা নাই। এক লিটাৰ ইথানল তৈয়াৰ কৰাত প্ৰায় তিনি হাজাৰ লিটাৰ পানী খৰচ হয়, যাৰ ফলত পৰিৱেশৰ গুৰুতৰ ক্ষতি হয়।
খেদাই কয় যে ইথানলৰ দ্বাৰা কৃষকসকলে প্ৰকৃততে কিমান লাভৱান হৈছিল আৰু যদি ই-২০ মিশ্ৰণ ৰাজহুৱা নীতিৰ অংশ, তেন্তে ইয়াৰ লাভ কোনেও নাপালে কিয়। তেওঁ কয় যে ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত পেট্ৰ’ল-ডিজেলত চেছৰ জৰিয়তে সংগ্ৰহ কৰা প্ৰায় ৪০ লাখ কোটি টকাৰ হিচাপ জনসাধাৰণক দিব লাগে।
हिन्दुस्थान समाचार / অৰৱিন্দ