মুম্বাই, ০৩ ছেপ্টেম্বৰ (হি.স.)। শ্বেয়াৰ বজাৰত আজি বুধবাৰে বিক্ৰন ইঞ্জিনিয়াৰিং লিমিটেডৰ ইছ্যু মূল্য ৯৭ টকাৰ পৰা প্ৰায় তিনি শতাংশ বৃদ্ধিৰে তালিকাভুক্ত হয়। কোম্পানীটোৰ বজাৰ মূল্য আছিল ২,৫৬১.০৬ কোটি টকা।
বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ত বিক্ৰান ইঞ্জিনিয়াৰিঙৰ শ্বেয়াৰ ৯৯.৭০ টকাৰ পৰা আৰম্ভ হৈছিল, যিটো ইছ্যু মূল্যৰ তুলনাত ২.৭৮ শতাংশ বৃদ্ধি পায়। পিছত ৪.৫২ শতাংশ বৃদ্ধি পাই ১০১.৩৯ টকা হয়। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত দুশতাংশ লাভৰ সৈতে ৯৯ টকাত তালিকাভুক্ত হয়। বিক্ৰান ইঞ্জিনিয়াৰিঙৰ ৭৭২ কোটি টকাৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ (আই পি অ’) ৯২-৯৭ টকাৰ প্ৰস্তাৱিত মূল্যৰ বেণ্ডৰ নিবিদাৰ অন্তিম দিনটোলৈকে যোৱা শুকুৰবাৰলৈকে ২৩.৫৯ বাৰ চাবস্ক্ৰিপচন লাভ কৰিছিল। এই আই পি অ’ত ৭২১ কোটি টকাৰ সতেজ শ্বেয়াৰ আৰু প্ৰমোটাৰৰ ৫১ কোটি টকাৰ অফাৰ ফৰ চেল (অ’ এফ এছ)ৰ সংমিশ্ৰণ ঘটিছিল।
বিক্ৰান ইঞ্জিনিয়াৰিং লিমিটেডৰ আই পি অ’ত সতেজ ইছ্যু আৰু বিক্ৰীৰ বাবে অফাৰ দুয়োটাৰে গঠিত। মুম্বাইস্থিত কোম্পানীটোৱে সতেজ শ্বেয়াৰ বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ৫৪১ কোটি টকাৰ ধন কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা আৰু বাকী থকা ধন কোম্পানীটোৰ সাধাৰণ কাম-কাজৰ বাবে ব্যৱহাৰ কৰিব। বিক্ৰান ইঞ্জিনিয়াৰিং লিমিটেড হৈছে ভাৰতীয় অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ কোম্পানীসমূহৰ ভিতৰত অন্যতম। ইয়াৰ প্ৰধান ক্লায়েণ্টসমূহৰ ভিতৰত আছে এন টি পি চি লিমিটেড, পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, চাউথ বিহাৰ পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড, নৰ্থ বিহাৰ পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড ইত্যাদি। কোম্পানীটোৰ দেশৰ ১৬খন ৰাজ্যত চলি থকা ৪৪টা প্ৰকল্প আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া