

গুৱাহাটী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ডিমৰীয়াৰ কলংপাৰত উৱলি যোৱা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। কলং নৈত উটি অহা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে সোণাপুৰ আৰক্ষীক।
ইতিমধ্যে সোণাপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইছ ৰ মৰ্গলৈ প্ৰেৰণ কৰে মৃতদেহটি। মৃত যুৱকজনৰ পিন্ধনত আছিল হাফপেন্ট আৰু টি-চাৰ্ট।
হিন্দুস্থান সমাচাৰ / Narayan Kar