ইউ এছ অ’পেনঃ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত ইউকি ভাম্ব্ৰি
নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় টেনিছ খেলুৱৈ ইউকি ভাম্ব্ৰিয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নিউজিলেণ্ডৰ অংশীদাৰ মাইকেল ভেনাছৰ সৈতে তেওঁ ইউ এছ অ’পেন পুৰুষৰ ডাবলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনে
भारतीय टेनिस खिलाड़ी युकी भांबरी


নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় টেনিছ খেলুৱৈ ইউকি ভাম্ব্ৰিয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নিউজিলেণ্ডৰ অংশীদাৰ মাইকেল ভেনাছৰ সৈতে তেওঁ ইউ এছ অ’পেন পুৰুষৰ ডাবলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

পুৰুষৰ ডাবলছ ইভেণ্টৰ ১৪ নং ছিড যুটিটোৱে চতুৰ্থ ছিড জাৰ্মান যুটি কেভিন ক্ৰাৱিট্জ আৰু টিম পুটজক ৬-৪, ৬-৪ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰে। এতিয়া বৃহস্পতিবাৰে এই যুটিয়ে মুখামুখি হ’ব ১১ নং ছিড ক্ৰ’ৱেচিয়ান নিকোলা মেকটিক আৰু আমেৰিকাৰ প্ৰবীণ ৰাজীৱ ৰামৰ বিৰুদ্ধে। ৩৩ বছৰীয়া য়ুকিয়ে এই ছিজনত গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন আগবঢ়াইছে।

ইয়াৰ পূৰ্বে তেওঁ ৰবাৰ্ট গ্যালোৱেৰ সৈতে ফ্ৰেন্স অ’পেন আৰু উইম্বলডনত তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছিল। মিয়ামি অ’পেন ২০২৫ৰ পিছত য়ুকিয়ে দেশৰ ১ নং ডাবলছ খেলুৱৈ হিচাপে পৰিগণিত হয়, য’ত তেওঁ ৰোহন বোপান্নাক অতিক্ৰম কৰি এই স্থানত উপনীত হয়। বৰ্তমান এ টি পি ডাবলছ ৰেংকিঙত ৩২ নম্বৰ স্থানত আছে ইউকি, আনহাতে লাইভ ৰেংকিঙত ২৮ নম্বৰ স্থান দখল কৰিছে। শেহতীয়াকৈ ইউকিৰ প্ৰদৰ্শন অতি উত্তম আৰু এই খণ্ডটোত ২০২৫ চনৰ মাৰ্চ মাহত তেওঁ অষ্ট্ৰেলিয়াৰ আলেক্সেই পপিৰিনৰ সৈতে ডুবাই টেনিছ চেম্পিয়নশ্বিপ জয় কৰি প্ৰথমটো এ টি পি ৫০০ খিতাপ দখল কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande